কলিয়াবৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ আগষ্ট: :সমগ্ৰ বিশ্বক মহামাৰীয়ে গ্ৰাস কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত চলি থকা কঠোৰ নীতি-নিৰ্দেশনাৰ মাজতো অব্যাহত আছে ভয়াৱহ ড্ৰাগছৰ সৰবৰাহ ৷ মৃত্যুদুত ৰূপী মহামাৰীৰ আতংকৰ মাজতো নগাঁও জিলাৰ ৰূপহীৰ পৰা লক্ষীমপুৰলৈ ড্ৰাগছ সৰবৰাহ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক চুলুং আৰক্ষী চকীৰ সমীপত আটক কৰে ৷আৰক্ষীয়ে তালাচী চলাই আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰীৰ জিম্মাৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। AS07AC 8334 নম্বৰৰ মহেন্দ্ৰ বলেৰ বাহন খনৰে লক্ষীমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত আতিকুৰ ইছলাম আৰু ময়িদুল আলি নামৰ এই দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে আনিছিল এই ড্ৰাগছ খিনি। ২০ টা বক্সত ড্ৰাগছ খিনি গাড়ীৰ চিটৰ তলত ড্ৰাগছ খিনি লুকুৱাই আনিছিল সৰবৰাহকাৰী দলটিয়ে। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য ২০ ৰ পৰা ২৫ লাখ টকা মূল্যৰ হ’ব বুলি আৰক্ষীয়ে জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *