কাজিৰঙাত পুনৰ গঁড় হত্যা। ঘটনাক গাপ দিয়াৰ চেষ্টা উদ্যান কৰ্তৃপক্ষৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ আগষ্ট : এইবাৰ দিন দুপৰতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধন ৷ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা বনাঞ্চলৰ গবৰাই বন শিৱিৰ এলেকাত এজনী প্ৰাপ্ত বয়স্ক মাইকী গঁড় নিধন কৰি চোৰাং চিকাৰীয়ে কাটি নিলে খৰ্গ ৷ঘটনাটো সংঘটিত হয় শুকুৰবাৰে আবেলি প্ৰায় ৩ বজাত ৷উদ্যান কৰ্তৃপক্ষৰ সূত্ৰৰ পৰা জানিব পৰা মতে শুকুৰবাৰে আবেলি প্ৰায় ৩ বজাত কহঁৰা বনাঞ্চলৰ গবৰাই,বিল টাৱাৰ আৰু কাঠনিবাৰি বনশিবিৰৰ বনকৰ্মীয়ে ৬ জাঁই গুলীৰ শব্দ শুনা পাই ৷ব্ৰহ্মপুত্ৰৰ দিশত এই গুলীৰ শব্দ শুনাৰ পাছতে বনকৰ্মীয়ে অভিযান আৰম্ভ কৰে ৷নিশাৰ ভাগত অভিযান চলাই বনকৰ্মীয়ে গুলীৰ কোনো উৎস বিচাৰি নোপোৱাত পুৱা পুনৰ অভিযান আৰম্ভ কৰে ৷পুৱা দেখা পোৱা চোৰাং চিকাৰীৰ খোজৰ চিনত অনুসন্ধান কৰি ব্ৰহ্মপুত্ৰৰ পাৰত খৰ্গবিহীন গঁড়ৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ঘটনাস্থলীত উদ্ধাৰ হৈছে 303 ৰাইফলৰ ছটা খালী কাৰ্টিজ ৷ উল্লেখ্য যে অগৰাতলি বনাঞ্চলত যোৱা ৯ মে তাৰিখে চোৰাং চিকাৰীয়ে এটা গঁড় নিধন কৰাৰ পাছত চলিত বছৰত এইটো দ্বিতীয় গঁড় হত্যাৰ ঘটনা ৷ঘটনাৰ সন্দৰ্ভত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত সন্দেহযুক্ত এজন চোৰাং চিকাৰীক আটক কৰা হৈছে ৷আনহাতে বন বিভাগে গঁড় হত্যাৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে ৷পৰিষদৰ অভিযোগ বনমন্ত্ৰীয়ে উদ্যান কৰ্তৃপক্ষক ঘটনাটো গাপ দিবলৈ দিয়া নিৰ্দেশৰ বাবে উদ্যান কৰ্তৃপক্ষই সংবাদ মাধ্যমক জনোৱাৰ পৰা বিৰত আছে ৷গঁড় নিধন ঘটনাই আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ আশংকাত বনমন্ত্ৰীয়ে ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে যুৱছাত্ৰ পৰিষদৰ বোকাখাত সমিতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *