কভিড ১৯ ত আক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯ বনকৰ্মী। কঁহৰাত কোভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পালে ২৫ জনলৈ ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ আগষ্ট : কাজিৰঙাত আৰম্ভ হ’ল কৰণা’ ভাইৰাছৰ গণ সংক্ৰমণ ৷গ্ৰামাঞ্চলৰ লোকৰ লগতে আক্ৰান্ত হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীও ৷যোৱা ১ আগষ্টত কহঁৰাৰ অৰণ্য মাৰ্কেটৰ এজন ব্যবসায়ীৰ দেহত কৰণা’ ভাইৰাছৰ উপস্থিত ধৰা পৰাৰ পাছত প্ৰশাসনে কহঁৰাত লোকজনৰ সংস্পৰ্শলৈ অহা আন বহু লোকৰ উপৰিও কহঁৰা বজাৰৰ ব্যৱসায়ী আৰু দাঁতি -কাষৰীয়া অঞ্চলৰ দুই শতাধিক লোকক তিনিদিনত কৰা পৰীক্ষাত ২৫ জন লোকৰ দেহত কৰণা’ ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ইতিমধ্যে কহঁৰা বজাৰ সমিতিয়ে নিজাববীয়াকৈ মঙলবাৰৰ পৰা ৪ দিনৰ বাবে কহঁৰা বজাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷কিন্তু সংক্ৰমনৰ সংখ্যা বৃদ্ধি পোৱাত বোকাখাত মহকুমা প্ৰশাসনে ১৪ দিনৰ বাবে কহঁৰা বজাৰ কন্টেইনমেন্ট জ’ন হিচাবে ঘোষনা কৰে ৷আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বিটৰ ৯ জন বনকৰ্মী আক্ৰান্ত হৈছে কৰণা’ত ৷ কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পথৰ কাষত থকা বুঢ়াপাহাৰ বিট’টোত সংক্ৰমণ ধৰা পৰাৰ পাছতেই তৎপৰ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ইতিমধ্যে ৰাষ্ট্ৰীয় পথৰ কাষত থকা বনশিবিৰ সমূহৰ বনকৰ্মী সকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷বৰ্তমানলৈকে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা শিবিৰ সমূহৰ কোনো বনকৰ্মী কৰণা’ত আক্ৰান্ত হোৱা নাই বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *