কাজিৰঙাত কোভিড ১৯ ৰ গণ সংক্ৰমণ। ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কঁহৰা বজাৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ আগষ্ট: সমগ্ৰ ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমনে ভয়াবহ ৰূপ লোৱাৰ সময়তে শেহতীয়াকৈ কাজিৰঙাতো কৰণা ভাইৰাছৰ সংক্ৰমনে আতংকিত কৰিছে কাজিৰঙা বাসীক ৷গুৰুত্ব পূৰ্ণ কথাটো হ’ল যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বিশ্বৰ কেইবাখনো দেশত কৰণা ভাইৰাছে বিপদজনক অৱস্থাৰ সূচনা কৰাৰ সময়ত পৰ্যটন ক্ষেত্ৰ কাজিৰঙাতো আশংকাৰ সৃষ্টি হৈছিল ৷কাৰণ দেশ বিদেশৰ বহু পৰ্যটক সেই সময়ত কাজিৰঙাত উপস্থিত আছিল ৷আনকি কৰণা’ আক্ৰান্ত বুলি সন্দেহ কৰা এজন বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা বুলি খবৰ বিয়পাৰ পাছত স্বভাৱিকতে আতংকিত হৈ পৰিছিল কাজিৰঙা বাসী ৷কিন্তু তাৰ পাছত কাজিৰঙাৰ বাসিন্দা কোনো লোক কৰণা আক্ৰান্ত নোহোৱাটোৱে সকলোকে চিন্তা মুক্ত কৰি ৰাখিছিল ৷কিন্তু যোৱা ১ আগষ্টত কাজিৰঙাৰ কহঁৰাৰ অৰণ্য মাৰ্কেটৰ এজন ব্যৱসায়ী কৰণা’ত আক্ৰান্ত হোৱাৰ পাছত কাজিৰঙাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷কাজিৰঙাত প্ৰথম জন লোক কৰণা’ত আক্ৰান্ত হোৱাৰ পাছত প্ৰশাসনে দুদিনত কৰা প্ৰায় ১৫০ জন লোকৰ স্বোৱাব পৰীক্ষাত মহিলা ,শিশু সহ ২০ জন লোকৰ দেহত কৰণা’ ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷আনহাতে ইতিমধ্যে কৰণা’ ভাইৰাছৰ সংক্ৰমন বৃদ্ধি পোৱাত কহঁৰা বজাৰ সমিতিয়ে নিজাববীয়া সিদ্ধান্তৰে ৪ আগষ্টৰ পৰা কহঁৰা বজাৰ ৪ দিনৰ বাবে বন্ধ ঘোষণা কৰে যদিও একে দিনাই আবেলি বোকাখাত মহকুমা প্ৰশাসনে কহঁৰা বজাৰ ১৪ দিনৰ বাবে কহঁৰা বজাৰ কণ্টেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰে ৷আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অন্তৰ্গত বুঢ়াপাহাৰ বনখণ্ডৰ এজন বনকৰ্মীও কৰণাত আক্ৰান্ত হোৱাৰ পাছত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ সকলো বিষয়া কৰ্মচাৰীৰ স্বোৱাব পৰীক্ষাৰ ব্যৱস্থা কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷জানিব পৰা মতে প্ৰথম দিনা কৰা স্বোৱাব পৰীক্ষাত আৰু ৭ জন লোকৰ শৰীৰত কৰণা’ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ এনে জটিল সময়ত আমি কাজিৰঙা লাইভৰ পৰা সকলো ৰাইজকে বিনম্ৰতাৰে অনুৰোধ জনাও যে আতংকিত নহ’ব ৷মাত্ৰ সাৱধানত অৱলম্বন কৰক ৷চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলি কৰোনাক প্ৰতিহত কৰাত সহযোগিতা আগবঢ়াৱক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *