পথ দুৰ্ঘটনাত আহত কাজিৰঙাৰ টাইম ৮ ৰ সাংবাদিক ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ ,৪ আগষ্ট : এক গুৰুতৰ পথ দুৰ্ঘটনাত আহত হয় কাজিৰঙাৰ টাইম ৮ ৰ সাংবাদিক কিষণ চেত্ৰী ৷ ঘটনাটো সংঘটিত হয় বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ।কাজিৰঙাৰ পৰা বাতৰি সংগ্ৰহ কৰিবৰ বাবে আবেলি প্ৰায় তিনিমান বজাত কলিয়াবৰৰ বাগৰি অভিমুখে গৈ আছিল কাজিৰঙাৰ টাইম ৮ ৰ সাংবাদিক কিষণ চেত্ৰী ।বাতৰি সংগ্ৰহৰ বাবে As 05 J 7297 নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাত পাছফালৰ পৰা তীব্ৰ বেগত অহা এখন চুইফট গাড়ীয়ে সাংবাদিক গৰাকীক এক প্ৰচণ্ড খুন্দা মাৰে আৰু লগে লগে সাংবাদিক গৰাকীয়ে ভাৰসাম্য হেৰুৱাই নিজৰ বাইকখনৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে দুৰলৈ ছিটিকি পৰি মুৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাৰ সম্ভেদ পাই বাগৰি আৰক্ষীয়ে ততাতৈয়াকৈ গুৰুতৰ ভাৱে আহত সাংবাদিক কিষণ চেত্ৰীক প্ৰথমে কুঠৰী প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় আৰু তাৰ পাছতেই উন্নত চিকিৎসাৰ বাবে পুনৰ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায় । ইতিমধ্যে বাগৰি আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে,ঘটনা সংঘটিত কৰা উক্ত AS 01 DA 4016 নম্বৰৰ চুইফট বাহন খনৰ চালকে তীব্ৰ বেগত গাড়ী চলোৱাৰ পৰিপ্ৰেক্ষিততেই এই ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে ঘটনা সংঘটিত হোৱা স্থানত থকা কেইজনমান প্ৰত্যক্ষদৰ্শীয়ে ৷ তেওঁলোকে লগতে উল্লেখ কৰে যে তীব্ৰ বেগত অহা উক্ত চুইফট গাড়ীখনৰ চালকজনে প্ৰথমে সাংবাদিক কিষণ চেত্ৰীৰ বাইকত খুন্দা মাৰে আৰু তাৰপাছতেই আন এখন বাহনতো গৈ খুন্দা মাৰেগৈ ৷ সাংবাদিক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে কাজিৰঙা প্ৰেছ ক্লাৱ আৰু কাজিৰঙা লাইভৰ সমূহ কৰ্মকৰ্তাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *