কলিয়াবৰৰ বাগৰীত নগাওঁ আৰক্ষীৰ অভিযান। অভিযানত জব্দ ১১ হাজাৰ লিটাৰ চোৰাং তেলসহ দুজন চোৰাং ব্যৱসায়ীক

নিউজ ডেস্ক,কাজিৰঙা লাইভ,৪ আগষ্ট : কলিয়াবৰ বাগৰিত চোৰাং তেলৰ বিৰোদ্ধে নগাঁও জিলা আৰক্ষীৰ অভিযান ৷ নগাঁও জিলা আৰক্ষীয়ে কলিয়াবৰৰ বাগৰি আৰক্ষীৰ সহযোগত সোমবাৰে নিশা চলোৱা অভিযানত জখলাবন্ধা থানাৰ এলেকাধীন তিনিটা স্থানৰ পৰা জব্দ কৰে বহু পৰিমানৰ তেলৰ দ্ৰাম ৷নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ নেতৃত্বত আৰক্ষীৰ দলটিয়ে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাৰমতি, ন-জান, কুঠৰীত অভিযান চলাই উৎখাত কৰিবলৈ সক্ষম হোৱাৰ লগতে, ৫৩ টা ড্ৰামত ১১ হাজাৰ লিটাৰ খাৰুৱা তেল জব্দ কৰে।অভিযানৰ সময়ত চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত দুজনক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন চোৰাং ব্যৱসায়ী দুজনৰ নাম বাবৰ আলি আৰু মুছলিমুদ্দিন বুলি জানিব পৰা গৈছে ৷উল্লেখ্য যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এই স্থান সমূহত এটা বৃহৎ চক্ৰৰ উদ্যোগত দীৰ্ঘ দিন ধৰি চোৰাং তেলৰ অবৈধ বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷আনহাতে চোৰাং তেল মজুতকাৰী এজন লোকৰ মন্তব্যই সমগ্ৰ বিষয়টোত ৰহস্যৰ সৃষ্টি কৰিছে ৷ মজুত কাৰীজনৰ ভাষ্যমতে চোৰাং তেল সৰবৰাহকাৰীয়ে বলপূৰ্বক তেওঁৰ ঘৰত তেল মজুত কৰে ৷সৰবৰাহকাৰী সকলে মজুতকাৰীক এচ পি য়ে সমগ্ৰ বিষটো জানে বুলি পতিয়ন নিয়াইছিল ৷এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ বিষয পোহৰলৈ আহিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *