কাজিৰঙাত কভিদ ১৯ ৰ গণ সংক্ৰমণ। চাৰিদিনীয়া কহঁৰা বজাৰ বন্ধৰ ঘোষণা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ জুলাই: কাজিৰঙাত কভিদ ১৯ ৰ ভয়ানক গণ সংক্ৰমণ ৷ কালি বিশ্ব ঐতিহ্যকেন্দ্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰস্বৰূপ কহঁৰা চাৰিআলিৰ অৰণ্য মাৰ্কেটৰ এখন বিপনীৰ স্বত্বাধিকাৰী কভিদ ১৯ ত আক্ৰান্ত হোৱাৰ পাছতে আজি ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাৱ টেষ্ট কৰা হয় ৷ স্বাৱ টেষ্টৰ ফলাফল অনুসৰি বৰ্তমানলৈকে মুঠ ১২ জন লোক কভিদ১৯ পজিটিভ বুলি চিনাক্ত কৰি শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে কহঁৰা বজাৰ সমিতিয়ে চাৰিদিনীয়া নিজা লকডাউন ঘোষণা কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *