কাজিৰঙাত বিশ্ব ৰেঞ্জাৰ্চ দিৱস উদযাপন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩১ জুলাই: আজি বিশ্ব ৰেঞ্জাৰ্চ দিৱস ৷ শুক্ৰবাৰে ৰেঞ্জাৰ্চ দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতী ৰুক্মিণীয়ে জন্ম দিয়া এটা মতা পোৱালিৰ নামাকৰণ কৰিলে উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখযোগ্য যে কাজিৰঙাৰ বন বিভাগৰ হাতী ৰুক্মিণীয়ে যোৱা ১৯ জুলাইত এটা পোৱালিৰ জন্ম দিছিল ৷ আজি বিশেষ দিনটোত যোৱা ১৯ জুলাইত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতী ৰুক্মিণীয়ে জন্ম দিয়া হাতী পোৱালীটোৰ নামাকৰণ কৰে উদ্যান কৰ্তৃপক্ষই।ৰেঞ্জাৰ্চ ডেৰ উপলক্ষে বনবিভাগৰ মহী মিৰি আলোচনা কক্ষত আয়োজন কৰা এক অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘ দিন ধৰি সেৱা আগবঢ়াই বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতী কাৰ্তিকৰ স্মৃতিত পোৱালিটোৰ নাম ৰখা হয় কাৰ্তিক জুনিয়ৰ হিচাবে ৷ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত সকলো ৰেঞ্জাৰৰ লগতে বনকৰ্মীক প্ৰকৃতি সংৰক্ষণত তেওঁলোকৰ অৰিহনাক শলাগ জনোৱা হয় ৷উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন এজনী হাতীয়ে জন্ম এটি মৰম লগা হাতী পোৱালি। বৃহস্পতিবাৰে জন্ম হোৱা হাতী পোৱালিটোকে ধৰি চলিত বৰ্ষত ৫ টা হাতীৰ পোৱালী জন্ম দিয়ে বন বিভাগৰ হাতীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *