বোকাখাতত কভিড১৯ সজাগতা সভা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ ১০ আগষ্ট: দেওবাৰে বোকাখাতৰ গড়মূৰত জননী বাৰ্তা কাকতৰ উদ্যোগত এখন কভিড১৯ ৰ সজাগতা সভা অনুষ্ঠিত হয়। মাখনলাল বাঢ়ৈৰ সঞ্চালনাত সামাজিক দূৰত্ব মানি হোৱা সভাত বোকাখাতৰ বিভিন্ন বাগিচাৰ শ্ৰমিক কল্যাণ বিষয়া, শিক্ষক, কৰ্মচাৰী আদি প্ৰায় ৩০গৰাকী লোকে ভাগ লয়। জননী বাৰ্তা কাকতৰ সহকাৰী সম্পাদক সোনেশ্বৰ বাঢ়ৈ,বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, লখন বৰাইক বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে। উদ্দেশ্য ব্যাখ্যা কৰে সমাজকৰ্মী হৰিবোলা কালিন্দীয়ে ৷ চাহ বাগিচাৰ শ্রমিক সকলৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত ৰাখিয়েই এই সজাগতা সভাখন অনুষ্ঠিত কৰা হয়। ইতিমধ্যে বাগিচা সমূহত অনলাইন যোগে বা সজাগতা সভাৰ যোগে কৰণা’ৰ বিষয়ে শ্রমিক সকলক সচেতন কৰা হৈছে। সভাত মেঠনী বাগিচাৰ কল্যাণ বিষয়া উৎপল শৰ্মা, বোকাখাত বাগিচাৰ কল্যাণ বিষয়া বাবুল কালিন্দী, শিক্ষক অশোক দৰা, ৰঙাজান বাগিচা কল্যাণ বিষয়া ৰাম তাতী, সমাজকৰ্মী বিৰু কুমাৰ ছেত্রী, প্ৰাক্তন আটছা নেতা পংকজ কালিন্দী আদিয়ে বক্তব্য আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *