কাজিৰঙাৰ বিভাগীয় হাতীক কলগছ যোগান জীপ ছাফাৰী সংস্থাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ জুলাই: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতীৰ বাবে খাদ্যৰ যোগান ধৰিলে কাজিৰঙা জীপ ছাফাৰী সংস্থাই ৷তিনিটা বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতি কাষৰীয়া গ্ৰামাঞ্চল জুৰুলা কৰাৰ পাছত বন বিভাগৰ হাতী সমূহৰ খাদ্যৰ নাটনিয়ে দেখা দিছে ৷গতিকে হাতী সমূহৰ খাদ্যৰ কিছু জোৰা মাৰিব পৰাকৈ কলগছৰ যোগান ধৰাৰ ব্যৱস্থা লৈছে জীপ ছাফাৰী সংস্থাই ৷তদুপৰি বানৰ সময়ত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে কৰ্তব্য পালন কৰি থকা বনকৰ্মী সকলক কৰোনা প্ৰতিৰোধী মাস্ক প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে সন্থাৰ সভাপতি তুলসী বৰদলৈয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *