নিজ সমষ্টি বোকাখাতত ভেটি উচন হোৱাৰ দিশত মন্ত্ৰী অতুল বৰা। মিত্ৰজোঁটত আউল।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ জুলাই: দল বাগৰা একাংশ প্ৰাক্তন কংগ্ৰেছীৰ বাবে নিজ সমষ্টি বোকাখাতত ভেটি হেৰুৱাৰ দিশত কৃষিমন্ত্ৰী তথা অগপ ৰ সভাপতি অতুল বৰা। মিত্ৰ দল বিজেপিৰ দলীয় কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে। মিত্ৰতা অটুট থাকিলেও বোকাখাত সমষ্টিত বিজেপিক এৰি দিয়াৰ দাৱী বোকাখাতৰ তৃণমূল বিজেপি কৰ্মীৰ ৷ ২০১৬ চনত যিদৰে অগপক বোকাখাতৰ আসন বিজেপিয়ে এৰি দিছিল ঠিক সেইদৰে এইবাৰ বিজেপিক আসন এৰি দিয়াৰ দাৱী বোকাখাত বিজেপিৰ ৷ বিজেপি গোলাঘাট জিলা সমিতিৰ সম্পাদক বোকাখাত বিজেপিৰ সক্ৰিয় যুৱ নেতা আকাশ ফুকনৰ অভিযোগ, বিগত পাচঁটা বছৰে মন্ত্ৰী অতুল বৰাই বিজেপি কৰ্মীক যি সন্মান আৰু মৰম দিব লাগিছিল, তেওঁ যৎকিঞ্চিৎও চেষ্টা কোনো দিন চেষ্টা নকৰিলে। তৃণমূল বিজেপি কৰ্মীয়ে কয় যে, অতুল বৰাই নিজ দলৰ পুৰণা কৰ্মীক আওকাণ কৰি একাংশ কংগ্ৰেছৰ পৰা দল বাগৰি অগপত যোগদান কৰা ন অগপ কৰ্মীক গুৰুত্ব প্ৰদান কৰি আহিছে ৷ অগপৰ স্বয়ম্ভূ নপতা ফুকনৰ নেতৃত্বক লৈ ক্ষোভিত বিজেপি কৰ্মীয়ে ৯৩ নং বিধানসভা সমষ্টিত বিজেপি দলৰ সিদ্ধান্ত মৰ্মে বিজেপি প্ৰাৰ্থী সাজু কৰাৰ বাবে তৃণমূল বিজেপিয়ে শীৰ্ষ নেতৃত্বক আহ্বান জনাইছে ৷ যোৱা পাচঁটা বছৰে অগপ নেতৃত্বই বিজেপি কৰ্মীক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি কয় যে, কেৱল বিজেপিয়ে নহয়, একাংশ জ্যেষ্ঠ অগপ কৰ্মীকো অত্যাচাৰ চলাই আহিছে আৰু যাৰ বাবে বিজেপি আৰু জ্যেষ্ঠ অগপ কৰ্মীসকলে আগন্তুক বিধানসভা নিৰ্বাচনত অতুল বৰাই বোকাখাত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰাতো নিবিচাৰে বুলিও চাঞ্চল্যকৰ মন্তব্য কৰিছে বিজেপি কৰ্মীয়ে ৷ অতুল বৰাই বোকাখাত সমষ্টিত বিজেপি বিভক্ত কৰি একাংশ বিজেপি কৰ্মীক নিজ সমৰ্থনলৈ নিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগো তুলিছে। বোকাখাত সমষ্টিত উন্নয়ণৰ ক্ষেত্ৰত অতুল বৰাই যিখিনি ভূমিকা পালন কৰিব লাগিছিল সেয়া সম্ভৱ হৈ নুঠিল বুলি মন্তব্য কৰি অতুল বৰাৰ সমৰ্থনত নথকাৰ সিদ্ধান্ত এইসকল বিজেপি নেতা – কৰ্মীৰ ৷ বিগত পঞ্চায়ত নিৰ্বাচনত অতুল বৰাই প্ৰতিদ্বন্দ্ব্বিতা কৰি বিজেপিৰ ওচৰত ধূলিস্যাৎ হৈ পৰিছিল যিয়ে প্ৰমাণ কৰে যে বোকাখাত সমষ্টিত অতুল বৰাৰ গণভিত্তি শূণ্য ৷ আনহাতে, চকু মুদা কুলিৰ ভাও ধৰা অতুল বৰাই এতিয়া বিজেপি কৰ্মীৰ কাষ চাপিলে বিজেপিৰ কৰ্মকৰ্তাই কেতিয়াও স্বীকাৰ নকৰে বুলিও মন্তব্য কৰে। লগতে, বোকাখাত বিধানসভা সমষ্টিৰ বিজেপিৰ ১৮০ টা বুথ কমিটিৰ অভাৱ অভিযোগৰ লগতে অগপ নেতৃত্বৰ প্ৰতি থকা ক্ষোভ সমূহ বিজেপি ৰাজ্যিক সমিতিৰ ওচৰত উপস্থাপন কৰিব বুলি প্ৰকাশ কৰে বিজেপিৰ গোলাঘাট জিলাৰ সম্পাদক আকাশ ফুকনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *