সুস্থিৰ হৈছে কাজিৰঙাৰ বান পৰিস্থিতি। ১৩২ টা বন্যপ্ৰাণীৰ মৃত্যু। CWRC ত প্ৰতিপালিত হৈ আছে এটা গঁড় পোৱালি।

নিউজ ডেস্ক, কাজিৰঙা লাইভ ২৭ জুলাই : ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে কাজিৰঙাৰ বান পৰিস্থিতি। তথাপিও প্ৰতি দিনেই উদ্ধাৰ হৈছে মৃত বন্যপ্ৰাণীৰ লগতে বহু বন্যপ্ৰাণী ৷ তিনিটা কৈ বানে বিধ্বস্ত কৰি যোৱা কাজিৰঙাত এতিয়ালৈকে ৫৮ টা বন্যপ্ৰাণী উদ্ধাৰ কৰিলে কাজিৰঙাৰ পানবাৰী স্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ CWRC ৰ চিকিৎসক কৰ্মচাৰীয়ে। ইয়াৰে, ১৬ বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৮ বন্যপ্ৰাণী উদ্যানত পুনৰ এৰি দিয়ে। মৃত্যু হোৱা ১৬ টা বন্যপ্ৰাণীৰ ১১ টাই CWRC ৰ কাৰ্যালয় পোৱাৰ আগতে মৃত্যু হয় বুলি জানিবলৈ দিয়ে পশু চিকিৎসক প্ৰাণজিৎ বসুমতাৰীয়ে। উল্লেখ যে, cwrc চিকিৎসক কৰ্মচাৰীয়ে চলিত বানত উদ্ধাৰ কৰা বন্যপ্ৰাণী সমূহৰ মাজত আছিল খুটিয়া পহু, গঁড় আৰু ঢেঁকীয়াপতীয়া বাঘৰ লগতে আন বহু বন্যপ্ৰাণী। ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰি দিয়া বন্যপ্ৰাণী সমূহৰ মাজত আছে এটা ঢেঁকীয়াপতীয়া বাঘও। আনহাতে, বানত মাতৃৰ পৰা বিছিন্ন হোৱা এটা গঁড় পোৱালিক প্ৰতিপাল কৰি থকা হৈছে কেন্দ্ৰটোত। ইফালে, কাজিৰঙাত বান পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে যদিও প্ৰতিদিনে মৃত্যুৰ সংখ্যা বাঢ়িছে বন্যপ্ৰাণীৰ। চলিত বানত ১৪ টা গঁড়কে ধৰি ১৩২ বন্যপ্ৰাণীৰ মৃত্যু। ৯৮ টা খুটিয়া পহু, ৫ টা ম’হ, ৮ টা গাহৰি, এটা শৰ পহু। আনহাতে, পানীত ডুবি ৭৩ টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে, ৰাষ্ট্ৰীয় ঘাই পথত বাহনৰ খুন্দাত মৃত্যু হৈছে ১৮ টা বন্যপ্ৰাণীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed