কাজিৰঙাৰ বনকৰ্মীক সম্বৰ্ধনা গোলাঘাটৰ সন্মিলিত যুৱ মঞ্চৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ জুলাই: বানৰ সময়ত দিনে নিশাই বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কৰ্তব্য পালন কৰি অহা বনকৰ্মী সকলক উৎসাহ দিয়াৰ বাবে আগবাঢ়ি আহিল গোলাঘাটৰ সন্মিলিত যুৱ মঞ্চ। সোমবাৰে কাজিৰঙা শতবৰ্ষ উদযাপন কেন্দ্ৰত বনকৰ্মী সকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে গামোচাৰে সম্বৰ্ধনা জনালে গোলাঘাট সন্মিলিত যুৱ মঞ্চই ৷লগতে যাঁচিলে একোটাকৈ উপহাৰৰ টোপোলা। উদ্যোক্তা সকলে প্ৰকাশ কৰা মতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা অসমৰ গৌৰৱ ৷অসম গৌৰৱক সুৰক্ষা প্ৰদান কৰা প্ৰথম শাৰীত কৰ্তব্য পালন কৰা বনকৰ্মী সকলক সকলোৱে উৎসাহ যোগোৱা প্ৰয়োজন।

Leave a Reply

Your email address will not be published. Required fields are marked *