ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ আহিছে কাজিৰঙাৰ বান পৰিস্থিতি। ১৪ টা গঁড় সহ ১২৯ টা বন্যপ্ৰাণীৰ মৃত্যু।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ জুলাই: বান পৰিস্থিতি স্থিৰ হৈছে যদিও বৰ্তমানেও প্লাৱিত হৈ আছে বিশ্ব ঐতিহ্যক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চল ৷ প্ৰতিদিনে বৃদ্ধি পাইছে বন্যজন্তুৰ মৃত্যুৰ সংখ্যা ৷ দেওবাৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য মতে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনস্থ ৮৮ টা বন শিবিৰ এতিয়াও বানৰ কৱলত ৷ সূত্ৰ মতে এই পৰ্যন্ত ১৪ টা গঁড়কে ধৰি মৃত্যু হৈছে ১২৯ টা বন্যপ্ৰাণীৰ। পথ দুৰ্ঘটনাত ১৮ টা বন্যজন্তুৰ মৃত্যু হৈছে চলিত বানত। তদুপৰি চিকিৎসাধীন অৱস্থাত ১৬ টা,পানীত ডুবি ৭১ টা,প্ৰাকৃতিক ভাৱে ৬টা,অন্যান্য কাৰণত ১৮ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷মৃত ১২৯ টা বন্যজন্তুৰ ভিতৰত ১৪ টা গঁড়ৰ ওপৰি আছে ৯৫ টা সুগৰী পহু, ৫ টা ম’হ, ৮ টা গাহৰি আৰু ২টা দল হৰিণ,এটা শৰ পহু ৷তিনিটাকৈ বানে বিধ্বস্ত কৰি পেলোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু বন্যজন্তুৰ বিকল্প আশ্ৰয় থলি হৈ পৰিছে ৰাষ্ট্ৰীয় পথৰ দাঁতি বা চাহবাগিছা ৷কাৰ্বি পাহাৰতো আশ্ৰয় লৈ আছে বনাক্ৰান্ত বন্যজন্তু ৷ ইফালে বাগৰী বনাঞ্চলৰ কাঞ্চনজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাতিত আশ্ৰয় লোৱা বন্যজন্তুক একাংশ পথচাৰীয়ে উত্তেজিত কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *