নামৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং কাঠ সৰবৰাহকাৰী আটক ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ,২৮ জুলাই : যোৱা ২৭ জুলাইৰ দিনা সন্ধিয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত এটা টহলদাৰী দলে ৰতন বসুমতাৰী নামৰ এজন লোকক গছ কটা কাৰ্য্যত লিপ্ত থকা অৱস্থাত উদ্যানখনৰ ক’ৰ এলেকাৰ ভিতৰত তেৰমাইল বন শিবিৰ অঞ্চলত আটক কৰে ৷ উদ্যানখনৰ বনাঞ্চলিক বিষয়া বুঢ়াগোহাঁইয়ে জনোৱা মতে, বনপালক শ্ৰীদীপ কলিতা আৰু শ্ৰীঅমৃত দলেৰ নেতৃত্বত যোৱা এটা দলে নৈশ ভাগত টহলদাৰী কৰি থকা অৱস্থাত তেৰমাইল বনশিবিৰ এলেকাত কিছুসংখ্যক দুষ্কৃতিকাৰীক দেখা পাই লগে লগে কৰায়ত্ত কৰাৰ চেষ্টা কৰে ৷ কিন্তু টহলদাৰী দলটোক দেখা পাইয়েই কৰায়ত্ত হোৱা অভিযুক্তজনৰ বাহিৰে বাকী সকলো দুষ্কৃতিকাৰী নদীৰ পানীত জপিয়াই সাঁতুৰি পলাই যাবলৈ সক্ষম হয় ৷উক্ত অভিযুক্তজন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বাৰমাইল এলেকাৰ ২নং মইদাংশ্ৰী গাৱঁৰ বাসিন্দা ৷ ঘটনাস্থলীৰ পৰা টহলদাৰী দলটোৱে এখন কাঠৰ নাওঁৰ লগতে ভালেসংখ্যক কাঠৰ কুণ্ডা,কৰত,দা ,ৰছী আদি সামগ্ৰী জব্দ কৰে ৷ধৃত অভিযুক্তৰ বিৰুদ্ধে বন্যপ্ৰাণী (সুৰক্ষা )আইন,১৯৭২ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ সাম্প্ৰতিক সময়ত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জীয়া ভৰলী নদীৰ বাঢ়নী পানীৰ সুযোগ লৈ এচাম দুষ্কৃতিকাৰীয়ে উদ্যানখনৰ গছ কাটি ভূঁৰ সাজি নদীয়েদি বিভিন্ন ঠাইলৈ চোৰাংকৈ কাঠৰ যোগান ধৰাৰ সমান্তৰালভাৱে বিক্ৰী কৰাৰো চেষ্টা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে,যোৱা ২৫ জুলাইতো নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰজ আলী আৰু মান্নাছ আলী নামৰ দুজন চোৰাং কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ উদ্যান কৰ্তৃপক্ষই এই দুয়োটা ঘটনাৰ সন্দৰ্ভত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অনুসন্ধান আৰু অভিযান অধিক তীব্ৰতৰ কৰি তোলাৰ বিষয়ে জানিবলৈ দিছে বনাঞ্চলিক বিষয়া দেৱাশিস বুঢ়াগোহাঁইয়ে ৷উল্লেখযোগ্য যে , কভিড১৯ ৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত দুষ্কৃতিকাৰীয়ে বন আৰু বন্যপ্ৰাণী ধন ঘটাৰ সহজ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত বেদখলীকৃত এলেকাত বাস কৰা আটক কৰা অভিযুক্ত জনৰ লগতে অন্যান্য বেদখলকাৰী সকলেও সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি বসবাস কৰাত সম্প্ৰতি নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ লগতে সমস্ত জীৱকূলৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে ৷ সীমিত সুবিধাৰ মাজতো নামেৰী ৱাইল্ড লাইফ ৰেঞ্জ তথা উদ্যান কৰ্তৃপক্ষই যিকোনো ধৰণৰ বে-আইনী কাৰ্যকলাপ আৰু দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *