কাজিৰঙাত গৰু সহ বলেৰ’ পিকআপ জব্দ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ জুলাই: সমগ্ৰ বিশ্বকে মহামাৰী কৰ’ণাই আতংকিত কৰি ৰখাৰ সময়ততো ৰাজ্যত অব্যাহত আছে গৰুৰ বিশাল চিণ্ডিকেট ৷ কি উজনি কি নামনি সকলোতে অবৈধ ভাৱে সৰবৰাহ হৈ আছে গৰু ৷মঙলবাৰে সন্ধিয়া নুমলীগড়ৰ ৰংবঙৰ পৰা অবৈধ ভাৱে গৰু সৰবৰাহ কৰা এখন বলেৰ’ পিকআপ ভান জব্দ কৰে কহঁৰা আৰক্ষীয়ে ৷ কাজিৰঙাৰ গেলেকীত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত নুমলীগড়ৰ পৰা নগাঁৱৰ লংকালৈ ৭ টা গৰু কঢ়িয়াই অনা পিকআপ ভান খন জব্দ কৰে আৰক্ষীয়ে ৷গৰু কঢ়িওৱাৰ কোনো পাৰ্মিট নথকা গাড়ী খনে অবৈধ ভাৱে কঢ়িয়াই আনিছিল ৭ টাকৈ গৰু ৷কেৱল গাঁওবুঢ়াৰ এখন কাগজ লৈয়ে গৰু সৰবৰাহ কৰা গাড়ীখন আৰক্ষীয়ে জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ৷ মহামাৰীয়ে সমগ্ৰ বিশ্বকে আতংকিত কৰি ৰখাৰ সময়তো কাৰ ছত্ৰছায়াত যাৱতীয় কোনো নথি-পত্ৰ নোহোৱাকৈও গৰুৰ চোৰাং সৰবৰাহ কাৰ্য অব্যাহত ৰাখিছে সেয়াহে ৰহস্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *