পুনৰ অৱনতি ঘটিছে কাজিৰঙাৰ বান পৰিস্থিতি। বন্যজন্তুৰ মৃত্যুৰ সংখ্যা ১১৬ টালৈ বৃদ্ধি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২১ জুলাই: পুনৰ অৱনতি ঘটিছে কাজিৰঙাৰ বান পৰিস্থিতি। কাজিৰঙা বাঘ্ৰ প্ৰকল্পৰ অধীনৰ নতুনকৈ জলমগ্ন হল ২৩ টাকৈ বনশিবিৰ। দ্বিতীয়টো বানে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰি তোলাৰ পাছত বিগত কিছুদিন ধৰি পানী হ্ৰাস পোৱাত সোমবাৰলৈকে ৫০ টা বন শিবিৰৰ তলেৰে পানী বাগৰিছিল। কিন্তু সোমবাৰৰ নিশাৰ পৰা বান পৰিস্থিতি অৱনতি ঘটাত ৰাষ্ট্ৰীয় উদ্যানৰ ৯০% অঞ্চল পুনৰ জলমগ্ন হোৱাৰ লগতে প্লাবিত বন শিবিৰৰ সংখ্যা হলগৈ ৭৩। আনহাতে, ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তুৰ মৃত্যুৰ সংখ্যা। বানৰ কৱলত পৰি বৰ্তমানলৈকে ১১ টা গঁড়কে ধৰি মুঠ ১১৬ বন্যজন্তুৰ মৃত্যু হৈছে। ইয়াৰে পথ দুৰ্ঘটনাত ১৫ টা, পানীত ডুবি ৬৬, চিকিৎসাধীন অবস্থাত ১৬ আৰু অন্যান্য কাৰণত ১৬ বন্যজন্তুৰ মৃত্যু হৈছে। মহকুমা প্ৰশাসনৰ প্ৰতিবেদন অনুসৰি আজি আবেলিলৈকে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৩খন গাও বানপানীৰ কবলত পৰিছে। ইয়াৰে মহুৰা মৌজাৰ ধনশিৰি টেমেৰা, ৰিৰি, নিকৰি, বঙকোৱাল,মাজদোলোপা, ভুলুকাগূৰি, অফলা,গৰৈমাৰি, বৰবালি, বৰপাক, বৰটিকা বোকাখাত মৌজাৰ দুই নং প’ৰগনিয়া, মোৰিয়াহূলা, শিলজুৰি- কাকজুৰি, জুগানিয়া আটি, দিঘলীআটি,কুৰুৱাবাহি,কুৰুৱাবাহি সত্ৰ ,বেজগাওঁ ,বোকাখাত টাউন (ৱাৰ্ড নং-১) .পলাশগুৰি গাওঁ,বৰাইখোৱা,কুমাৰণী আটি,কুমাৰণী পথাৰ ৷কাজিৰঙা মৌজাৰ বেল’গূৰি, বহিখোৱা, দুই নং শিলডুবি,১নং শিলডুবি, হাতীখুলি বাগিছা গাঁও,হালধিবাৰী,
বামুণ গাঁও, কাজিৰঙা এন. চি, জাপৰি পথাৰ, ডিফলু পথাৰ, তামুলী পথাৰ, ২ নং কহঁৰা গাওঁ, আহোম গাওঁ, কান্ধোলিমাৰি, বৰজুৰি বাগিচা গাওঁ, বৰজুৰি গাওঁ, শিলজুৰি, মেঠনি. গোচনিবৰ ১নং দোমজান ,২নং দোমজান , বচাগাওঁ ,অগৰাতলি ,মহপৰা ,লুকুৰাখনিয়া ,১নং কহঁৰা, চেপেনাকোবোৱা,পলাশগুৰি গাওঁ ,কৰৈ আটি গাওঁ ৷ ক্ষতিগ্ৰস্ত কৃষি এলেকা: (প্ৰায়) ১২৮৭ হেক্টৰ .৷বৰ্তমান প্ৰভাৱিত জনসংখা: (প্ৰায়) ৬২৯০০ ( এই ক্ষেত্ৰত সমীক্ষা চলাই থকা হৈছে )৷ আজি পৰ্যন্ত বিতৰণ কৰা বান সাহাৰ্য্যৰ পৰিমাণ :
৪৬৭৪.৩৮ কুইন্টল চাউল,
৮৫৫.৩৭কুইন্টল দাইল,
২৫৬.৬৫৯৬ কুইন্টল নিমখ,
২৫৬৬৫.৯৬ লিটাৰ মিঠাতেল
৮৩ কি.গ্ৰাম চেনি
৪ কুইন্টল ৫০ কেজি চিৰা।
৩৮২ পেকেট শিশু খাদ্য
৯৫০ কুইন্টল পশুখাদ্য
৬৭০ পেকেট মমবাতি
২০৫ পেকেট জুইশলা বাকচ
৩৫০ পেকেট মহ খেদোৱা ধূপ
৭০০০ খন ফেচ মাক্স
১০০০ খন টাৰপ’লিন ৷
বানাক্ৰান্ত এলেকাত নতুনকৈ ২৮ টা হেণ্ড টিউবৱেল স্থাপন কৰাৰ লগতে মুঠ ৩৬ টা হেণ্ড টিউবৱেল মেৰামতি কৰা হয়|আশ্ৰয় শিবিৰসমূহ চেনিটাইজ কৰাৰ লগতে ৰাইজৰ মাজত এতিয়ালৈকে মুঠ ২.২৫০ টা কেমিকেলৰ পেকেট, ২৩,০০০ টা ব্লিচিং পাউদাৰৰ পেকেট, ১,২০,০০০ টা হেলজেন টেবলেট বিতৰণ কৰাৰ লগতে বানপানীৰ এলেকাত ৫৭,০০০ লিটাৰ খোৱাপানী যোগান ধৰা হৈছে। ইয়াৰ উপৰিও ১৮ টা অস্থায়ী শৌচাগাৰ নিৰ্মাণ কৰা হৈছে | বৰ্তমানলৈকে বান সাহাৰ্য বিতৰণ শিবিৰ স্থাপন : ২১ ৷ আশ্ৰয় শিবিৰ : ১৪৷ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ ৪ টা দলৰ সহায়ত মুঠ ২৮৬ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। অদ্যপি দুৰ্ভাগ্যজনক ভাৱে কান্দুলিমাৰী গাঁৱৰ মহেন্দ্ৰ খেৰীয়াৰ ২২ বছৰীয়া পুত্ৰ বাবু খেৰীয়া বানপানীত উটি যায় আৰু পিচত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় |প্ৰয়াত সৰ্বেশ্বৰ দলেৰ পুত্ৰ মদেশ্বৰ দলে যোৱা ১৩/০৭/২০২০ তাৰিখে বানপানীত উটি যোৱাৰ ফলত মৃত্যু হয় |২০ টা চিকিৎসা শিবিৰ স্হাপন কৰাৰ লগতে ৪ টা পশু চিকিৎসা শিবিৰো স্হাপন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *