ব্ৰহ্মপুত্ৰত উটি অহা তিনি যুৱকক উদ্ধাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ জুলাই: ব্ৰহ্মপুত্ৰৰ বানত উটি অহা তিনিজন যুবক সোমালহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷দেওবাৰে বিয়লি পানীত উটি অহা যুৱক কেইজনক উদ্ধাৰ কৰিলে কৰ্তব্যৰত বনকৰ্মীয়ে ৷উদ্যান কৰ্তৃপক্ষৰ সূত্ৰৰ পৰা জানিব পৰা মতে দেওবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ হাতীচৰোৱা আৰু এৰাসুঁতি এলেকাত কৰ্তব্যৰত বনকৰ্মীয়ে কোনোবাই সহায় বিচাৰি চিঞৰা শুনিবলৈ পায় ৷বনকৰ্মী সকলে লগে-লগে এই বিষয়ে অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াক অৱগত কৰাত বিষয়া গৰাকীয়ে স্পীড ব’ট লৈ বনকৰ্মীক আগবাঢ়ি যাবলৈ নিৰ্দেশ দিয়ে ৷ইয়াৰ পাছতে বনকৰ্মী সকলে অভিযান চলাই ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এজোপা গছত ওলমি থকা অৱস্থাত তিনিজন যুৱকক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা যুৱক কেইজন কাজিৰঙা মৌজাৰ বামুণ গাঁৱৰ মহনজ্যোতি কুটুম শংকৰ পেগু আৰু জয়গুৰু কুটুম বুলি জানিব পৰা গৈছে ৷দেওবাৰে আবেলি প্ৰায় ২ বজাত নাৱেৰে ঘাঁহ কাটি থকা অৱস্থাত হঠাতে অহা বতাহে তেওঁলোকক নাৱৰ সৈতে উটুৱাই লৈ যায় ।উদ্ধাৰ হোৱা যুৱক কেইজনক উদ্যান কৰ্তৃপক্ষই গাঁও বুঢ়াক চমজাই দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *