এটা মাহত তৃতীয়টো বানে প্লাবিত কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ জুলাই: পানী শুকাবলৈ আৰম্ভ কৰিছিল যদিও পুনৰ তৃতীয়টো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯০ শতাংশ এলেকা পুনৰ প্লাবিত হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰত প্ৰকাশ ৷ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ১২৬ টা বন শিবিৰৰ তলেৰে বাগৰিছে পানী ৷বিভাগীয় সূত্ৰ মতে এই পৰ্যন্ত ১২ টা গঁড়কে ধৰি মৃত্যু হৈছে ১২০ টা বন্যপ্ৰাণীৰ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ২৪ ঘণ্টাত নতুনকৈ প্লাবিত কৰিলে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ ৫৩ টা বন শিবিৰ। ২২৩ বনশিবিৰৰ ভিতৰত ১২৬ বন শিবিৰৰ তলেৰে বাগৰিছে পানী। পথ দুৰ্ঘটনাত ১৬ টা বন্যজন্তুৰ মৃত্যু হৈছে চলিত বানত। ১২০ টা বন্যজন্তুৰ ভিতৰত ১২ টা গঁড়ৰ ওপৰি মৃত্যু হৈছে ৯১ টা হুগৰী পহু, মহ ৪ টা, গাহৰি ৭ টা, দল হৰিণা ২ টা ৷আনহাতে পানী শুকাবলৈ আৰম্ভ কৰাত বহু বন্যপ্ৰাণী কাৰ্বি পাহাৰৰ পৰা নামি আহিছিল যদিও পুনৰ বানৰ উমান পাই ৰাষ্ট্ৰীয় পথৰ কাষত বা চাহবাগিচাত আশ্ৰয় লৈ আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *