সৰ্বকালৰ অভিলেখ ভঙ্গ অসম সমবায় মৰাপাট কলত

নিউজ ডেস্ক,কাজিৰঙা লাইভ,২২ জুলাই: ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। সৰ্বকালৰ অভিলেখ ভংগ কৰি অসম সমবায় মৰাপাট কলৰ উৎপাদন বৃদ্ধি পালে ২৫.২৯২ মেট্ৰিক টনলৈ। সোমবাৰৰ দিনটোত কলটিৰ উৎপাদন বৃদ্ধি পোৱাত আজি কলটিৰ শ্ৰমিক,বিষয়া – কৰ্মচাৰীৰ মাজত দেখা গ’ল এক আনন্দময় পৰিবেশৰ। শ্ৰমিক-কৰ্মচাৰীৰ লগতে পৰিচালক মণ্ডলিৰ ঐকান্তিক প্ৰচেষ্টা আৰু মিলটোত গঢ় লৈ উঠা কৰ্মসংস্কৃতিৰ বাবেই শিলঘাট মৰাপাট কলটিয়ে শেহতীয়াকৈ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। সোনালী বৰ্ষত ভৰি দিয়া অসমৰ একমাত্ৰ অসম সমবায় মৰাপাট কলৰ সফলতাৰ বাবেই শ্ৰমিকৰ মাজত মিঠাই বিতৰণ কৰিলে মিল কতৃপক্ষই। সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ শিলঘাট মৰাপাট ক’লটি বিগত কেইবছৰ ধৰি ভীষন অৰ্থ সংকটত পৰি কলটিৰ উৎপাদন ক্ৰমান্বয়ে হ্ৰাস পাইছিল যদিও লক্ ডাউনৰ ৪৩ দিনৰ অন্তত মিলটোৰ শ্ৰমিক-কৰ্মচাৰী সকলে ন-উদ্যমৰে কাম কৰি সৰ্বকালৰ অভিলেখ সৃষ্টি কৰি 25.292 মেট্ৰিক টন উৎপাদন কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *