কাজিৰঙাত “ভূই ৰোৱা দিন” । অংশ গ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ১১ জুলাই : কাজিৰঙাত “ভূই ৰোৱা দিন”ত অংশ গ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ। শনিবাৰে কাজিৰঙাৰ ভোগী বাঢ়নী গাঁৱত বোকাখাত কৃষি বিভাগ আৰু দিৰিং ডিফলু বহুমূখী কৃষি কল্যাণ সমিতিৰ যুটীয়া উদ্যোগত আয়োজন কৰা “ভূঁই ৰোৱা দিন” নামৰ অনুষ্ঠানত ভূই ৰুলে কৃষি মন্ত্ৰী অতুল বৰাই ৷অনুষ্ঠানত মন্ত্ৰী বৰাই এই অনুষ্ঠানটিয়ে আৰম্ভ কৰা কৃষিকৰ্মৰ বাবে কৃষি বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে নতুন প্ৰজন্মক কৃষি ক্ষেত্ৰলৈ আকৰ্ষিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ দেশত কৰণা’ৰ সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ পাছৰে পৰা চৰকাৰে কৃষি খণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰী বৰাই কয় যে প্ৰধানমন্ত্ৰীয়ে ২০২২ চনক ভিত্তি হিচাবে লৈ একে টুকুৰা মাটিতে যাতে কৃষক সকলে অধিক খেতি কৰি অধিক উপাৰ্জন কৰিব পাৰে তাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে ৷মন্ত্ৰী বৰাই লগতে উল্লেখ কৰে যে বিগত চাৰিটা বছৰত অসমৰ কৃষি খণ্ডত লেখত ল’ব লগীয়া উন্নয়ণ হৈছে ৷কৰ’ণা ভাইৰাছৰ সংক্ৰমনে দেশত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত নতুন প্ৰজন্মই কৃষিক এক সন্মানজনক আয়ৰ উৎস হিচাবে গ্ৰহন কৰিব লাগিব আৰু কাৰ্যক্ষেত্ৰত তেনে হলেহে দেশে অধিক উন্নয়নৰ দিশে গতি কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী গৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *