কাজিৰঙাত আৰক্ষীৰ অভিযান। উদ্ধাৰ.৩০৩ ৰাইফল সহ সজীৱ গুলী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ জুলাই: কাজিৰঙাত গোলাঘাট আৰক্ষীৰ অভিযান। শুক্ৰবাৰে চলোৱা অভিযানত উদ্ধাৰ .৩০৩ ৰাইফল সহ ১০ জাই সজীৱ গুলী। ধৃত দুই চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত এখন চেগুন বাগানত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৰণাস্ত্ৰ। উল্লেখ্য যে, কিছুদিন পূৰ্বে আৰক্ষীয়ে আটক কৰা দুধৰ্ষ চোৰাং চিকাৰী চিমন লাক্ৰা আৰু মণিপুৰৰ চমপু নামৰ চিকাৰী কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ হালধিবাৰী বনশিবিৰ এলেকাৰ সমীপৰ এখন চেগুন বাগানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে গঁড় হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰ । গোলাঘাট জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই অভিযানত সংগ দিয়ে বোকাখাত মহকুমা আৰক্ষী বিষয়া পৃথিৱীৰাজ ৰাজখোৱা আৰু কহঁৰা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়া দেৱেন বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *