বোকাখাতৰ ঔষধৰ দোকানৰ গ্ৰাহকৰ শৰীৰত কোভিড ১৯, কোৱাৰেইন্টাইনত চিকিৎসক আৰু দোকানৰ স্বত্বাধিকাৰ :

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ জুলাই: জ্বৰ কাহঁ হোৱাৰ বাবে বোকাখাতৰ এখন ঔষধৰ দোকানৰ চেম্বৰৰ এজন চিকিৎসকৰ কাষত চিকিৎসা গ্ৰহন কৰা এজন লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন ধৰা পৰাৰ পাচত সম্প্ৰতি বোকাখাত ত্ৰাসৰ সৃষ্টি হৈছে ৷ বোকাখাততো কভিড ১৯ ৰ গন সংক্ৰমন আৰম্ভ হোৱাৰ শংকাত ভূগিছে সকলো ৷ জানিব পৰা মতে বোকাখাত মহকুমাৰ লখৌজানৰ ৰাজু ছেত্ৰী নামৰ লোক জনে দুদিন মানৰ আগতে বোকাখাত নগৰৰ মাজ মজিয়াৰ নিৰ্মল মেডিকেল নামৰ ঔষধৰ দোকানত চিকিৎসা সেৱা আগবঢ়োৱা ডা৹ কানুকৃষ্ণ বৰদলৈৰ ওচৰত চিকিৎসা গ্ৰহন কৰিছিল আৰু ঔক্ষধৰ দোকানখনৰ পৰা ঔষধো ক্ৰয় কৰিছিল ৷ জ্বৰ কাঁহ হৈ থকাৰ বাবে তেওঁৰ স্বোৱাব সংগ্ৰহ কৰা হৈছিল ৷ পৰীক্ষাত তেওঁৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন ধৰা পৰাত আজি তেওঁ কহঁৰাৰ বেজা বৈষ্ণৱ কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইফালে আজি তাৎক্ষণিকভাৱে নিৰ্মল মেডিকেল নামৰ ঔষধৰ দোকানখন মহকুমা প্ৰশাসনে চীল কৰি দিয়াৰ লগতে উক্ত ঔষধ দোকানৰ চিকিৎসক ডা৹ কানুকৃষ্ণ বৰদলৈ , দোকানখনৰ স্বত্বাধিকাৰ নিহাৰ দেৱ আৰু সকলো কৰ্মচাৰীকে কোৱাৰেইন্টাই কৰা বুলি মহকুমা দণ্ডাধীশ ৰণনময় ভৰদ্বাজে জনাইছে ৷ মন কৰিব লগীয়া যে ৰাজু ছেত্ৰী নামৰ লোকজনৰ কোনো ভ্ৰমন বুৰঞ্জী নাই যদিও তেওঁ প্ৰতিদেনেই যোৰহাটৰ এটা গেৰেজত কাম কৰে আৰু প্ৰতিদিনেই কৰ্মসুত্ৰে যোৰহাটলৈ অহাযোৱা কৰে ৷ যাৰবাবে এতিয়া বোকাখাতত ত্ৰাসৰ সৃষ্টি হৈছে ৷ বিগত সময়চোৱা নিৰ্মল ফাৰ্মাচী নামৰ দোকানখনলৈ আহিছিল ৰাজু ছেত্ৰী ৷ দোকানখনৰ অন্য বহু গ্ৰহকৰ সংস্পৰ্শলৈও আহিছিল তেওঁ ৷ সম্প্ৰতি কহঁৰাৰ কভিড চিকিৎসালয়ত ৰখা হৈছে ৰাজু ছেত্ৰীক ৷ ইফালে বহি ৰাজ্যৰ পৰা আহি বোকাখাতৰ কোৱাৰেইন্টাই কেন্দ্ৰত থকা মহকুমাটোৰ মৰিয়াহোলাৰ আশীৰ্ষ চুব্বাৰ শৰীৰতো কভিডৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াকে লৈ বোকাখাতৰ কোৱাৰেইন্টাই কেন্দ্ৰত থকা মুঠ ১০৭ জনৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমণ পোৱা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *