কাজিৰঙাৰ এনিমেল কৰিডৰত নিশা কৰ্মৰত বনকৰ্মী আৰু আৰক্ষীলৈ খাদ্যৰ টোপোলা

কাজিৰঙা লাইভ, বোকাখাত , ৯ জুলাই : বোকাখাতৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ উদ্যোগত ৮ জুলাইত বানাক্ৰান্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে এনিমেল কৰিডৰবোৰত নিয়োজিত বনকৰ্মী, বন সুৰক্ষা বাহিনী আৰু আৰক্ষী লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সভাপতি চক্ৰপাণি কলিতা আৰু সম্পাদক হিমাংশু বৰাৰ নেতৃত্বত বাৰজনীয়া এক প্ৰতিনিধিৰ দলে যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশৰ এনিমেল কৰিডৰত কৰ্তব্যৰত বনকৰ্মী আৰু আৰক্ষীক একোটাকৈ খাদ্যৰ টোপোলা প্ৰদান কৰি কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ইয়াৰ লগতে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বানপানীত সময়ত উদ্ধাৰ কৰি অনা গঁড় পোৱালী বাবেও খাদ্য আগবঢ়ায় ৷ উল্লেখ্য যে এই কাৰ্যৰ বাবে নিকেতনৰ প্ৰাক্তন ছাত্ৰ সকলে নিজস্বভাৱে বৰঙনি আগবঢ়াইছিল বুলি সম্পাদক হিমাংশু বৰাই জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *