বছৰৰ দ্বিতীয়টো বানৰ কৱলত পৰাৰ আশংকা কাজিৰঙা

সাময়িকভাৱে বন্ধ ৰখা হৈছে বন বিভাগৰ টাইম কাৰ্ড ব্যৱস্থা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ জুলাই: বছৰৰ দ্বিতীয়টো বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷সপ্তাহটোৰ ভিতৰত দ্বিতীয়টো বানে পুনৰ প্লাৱিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷বিগত এসপ্তাহে ব্ৰহ্মপুত্ৰৰ বানে আতংকৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয় উদ্যানখন লাহে লাহে ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি ৷ৰাষ্ট্ৰীয় উদ্যানখনলৈ উভতি আহিছে বানৰ সময়ত কাৰ্বি পাহাৰলৈ গতি কৰা বহু বন্যপ্ৰাণী ৷হাইলেণ্ডত আশ্ৰয় লোৱা বন্যপ্ৰাণী সমূহেও খাদ্যৰ বাবে নামি আহিছে হাইলেণ্ডৰ পৰা। উদ্যানখনৰ ওখ তৃণভূমি সমূহৰ পৰা পানী শুকাই যোৱাত মুকলি হৈ পৰা ঘাঁহ বনৰ মাজতে খাদ্যৰ সন্ধানত ব্যস্ত হৈ পৰিছে বন্যপ্ৰাণী সমূহ ৷বানে বিধ্বস্ত কৰি যোৱা কাজিৰঙাৰ মাজত পুনৰ প্ৰাণৰ সঞ্চাৰ কৰি জাকে জাকে বন্যপ্ৰাণীৰ খাদ্য আহৰণৰ দৃশ্যই এতিয়া অপৰূপ সৌন্দৰ্যৰ অৱতাৰণা কৰিছে ৰাষ্ট্ৰীয় উদ্যান খনত ৷কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনলৈ ঘূৰি অহা স্বাভাৱিক অৱস্থা পুনৰ তচনচ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কিয়নো পানী কমিলেও ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা বৰ্তমানেও পানীৰ তলত ৷ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে কাজিৰঙাত সাধাৰণতে বছৰত তিনিটা বানৰ প্ৰভাৱ পৰে ৷বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰভাবিস্তাৰ কৰা বানৰ ৫ টা উৎসৰ ভিতৰত চাৰিটাতে পানী বাঢ়ি আছে ৷গতিকে এনেদৰে পানী বাঢ়ি থাকিলে এসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ বানে প্লাৱিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে।ইফালে দ্বিতীয়টো বানৰ সৈতে যুজ দিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ চলিত বৰ্ষৰ বিগত বানত মুঠ ৪০ টা বন্যজন্তুৰ মৃত্যু হোৱাৰ লগতে বৰ্তমানেও ১৩ টা বনশিৱিৰ পানীৰ কৱলত আছে ৷ তদুপৰি কাজিৰঙাৰ দক্ষিণে থকা কাৰ্বি পাহাৰত আশ্ৰয় লোৱা বন্যপ্ৰাণীসমুহৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে কাৰ্বি পাহাৰত দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে কাৰ্বি আংলং বন বিভাগে ৷ আনহাতে কাজিৰঙাৰ ৰাজপথত প্ৰবৰ্তন কৰা বনবিভাগৰ টাইম কাৰ্ড সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি মত প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া চেলিম আহমেদে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *