চৰকাৰী পেঞ্চনাৰ সন্থা অসম, বোকাখাত শাখাৰ দ্বিবার্ষিক অধিবেশন

নিউজ ডেস্ক,কাজিৰঙা লাইভ, ৮জুলাই:
চৰকাৰী পেঞ্চনাৰ সন্থা অসম, বোকাখাত শাখাৰ দ্বিবার্ষিক অধিবেশন আজি নিজা কাৰ্য্যালয় প্ৰাংগনত সামাজিক দূৰত্ব মানি অনুষ্টুপিয়াকৈ অনুষ্ঠিত কৰা হয়। ২০তম প্ৰতিষ্ঠা দিৱস আৰু অধিবেশন একেলগে হয়। পুৱা পতাকা উত্তোলন কৰে স্থায়ী সভাপতি বুধিৰাম শইকীয়াই। স্মৃতি তৰ্পন কৰে উপদেষ্টা চৈয়দ আনিচুৰ ৰহমান আৰু খগেশ্বৰ শইকীয়াই। বৃক্ষ ৰোপন কৰে ৰবীন বৰুৱা আৰু গনেশ ছেত্ৰীয়ে। বিষয় বাচনি সভাত পুৰনি সমিতি ভংগৰ পাচত বুধিৰাম শইকীয়াক সভাপতি, ৰেবকান্ত হাজৰিকাক উপ সভাপতি, ৰবীন বৰুৱাক সম্পাদক, মন্টু বৰা, গনেশ ছেত্ৰীক সহকাৰী সম্পাদক হিচাবে লৈ ১৭জনীয়া নতুন সমিতি গঠন কৰা হয়। প্ৰদীপ খাওণ্ডে সম্পাদকীয় প্ৰতিবেদন পাঠ, আয় ব্যয়ৰ হিচাপ দাখিল কৰে। বুধিৰাম শইকীয়াৰ সভাপতিত্বত হোৱা মুকলি সভাত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভবানন্দ কলিতাই মূখ্য অতিথি হিচাবে অংশগ্রহণ কৰে। জেষ্ঠ নাগৰিক সকল দেশৰ ধৰনী বুলি কলিতাই মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *