এফালে কৰোনা আনফালে আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈ ভাবুকি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ জুলাই: কৰোনা মহামাৰীৰ আতংকৰ মাজতে বোকাখাত মহকুমাত পুনৰ সন্দেহযুক্ত আফ্ৰিকান ছোৱাইন ফিভাৰৰ পাদুৰ্ভাৱ ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈও সংক্ৰমনৰ আশংকা প্ৰকাশ কৰিছে বোকাখাত মহকুমা প্ৰশাসনৰ লগতে উদ্যান কৰ্তৃপক্ষই। ৷আক্ৰান্ত হোৱা পোহনীয়া গাহৰিৰ পৰা ছোৱাইন ফিভাৰৰ সংক্ৰমন ৰোধ কৰাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহন কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ এক নিৰ্দেশনা যোগে বোকাখাত মহকুমা প্ৰশাসনে মহকুমাটোত গাহৰি কটা আৰু বেচা কিনা নিষিদ্ধ ঘোষনা কৰিছে ৷তদুপৰি বাট পথ বা মুকলি স্থানত গাহৰি এৰি দিয়াতো মহকুমা প্ৰশাসনৰ বাধা আৰোপ ৷ মহকুমা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি মৃত গাহৰিৰ শৱদেহ নদী বা আনকোনো জলাশয়ত পেলাব নোৱাৰিব ৷গাহৰিৰ মৃত্যুৰ সন্দৰ্ভত কোনে লোকে তথ্য লুকুৱাব বিচাৰিলেও আইন মতে দণ্ডনীয় হ’ব ৷আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ধানবাৰী এলেকাত প্ৰাদুৰ্ভাৱ হোৱা সন্দেহ যুক্ত আফ্ৰিকান ছোৱাইন ভিভাৰৰ সংক্ৰমন যাতে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈ বিয়পিব নোৱাৰে তাৰ বাবে সতৰ্কতা অৱলম্বন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ধানবাৰীৰ পোহনীয়া গাহৰি যাতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰবেশ কৰিব নোৱাৰে বা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰি যাতে ধানবাৰীত প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে বনকৰ্মীৰ পহৰাৰ লগতে নিয়মীয়া তহলৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷তদুপৰি কোনোৱে মৃত গাহৰি গাহৰি ধানবাৰীৰ নদীত পেলালে ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বিপদৰ কাৰণ হ’ব পাৰে গতিকে নদীত মৃত গাহৰি পালে সংশ্লিষ্ট বনশিবিৰ সমূহক মৃত দেহ পুতি পেলাবলৈ নিৰ্দেশ দিয়া হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *