কাজিৰঙাত অঘটন,বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি মৃত্যু এজনৰ

বিদ্যুৎ বিভাগৰ হেমাহিয়ে প্ৰাণ কাঢ়িলে কৃষকৰ

নিউজ ডেস্ক,কাজিৰঙা লাইভ,৭ জুলাই:
মঙলবাৰে কাজিৰঙাৰ গেলেকীৰ গোঁসানীবৰত সংঘটিত হয় এক শোকাবহ ঘটনা ৷পথাৰত কৃষিকৰ্মত ব্যস্ত এজন কৃষকৰ গাত চিগি পৰিল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ৷ঘটনাটোত থিতাতে নিহত হয় চুটুবাবু চাওতাল নামৰ কৃষক জন ৷আনহাতে শোকাবহ ঘটনাটোৰ পাছতে বিদ্যুত বিভাগৰ বিৰোদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় ৰাইজ ৷ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে সংঘটিত হ’ল শোকাবহ ঘটনাটো ৷অভিযোগ মতে এলেকাটোত বিজুতিৰ অজুহাতত সঘনে বিদ্যুৎ কৰ্তন কৰা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বৈদ্যুতিক তাঁৰৰ অৱস্থা বুজ লবলৈ সেই স্থানলৈ নাহে ৷বাঁহৰ পৰা আদি কৰি বহু গছৰ ডাল বিদ্যুত পৰিবাহী তাঁৰত লাগি থকাৰ পাছতো আঁতৰ কৰাৰ ব্যৱস্থা গ্ৰহন নকৰে কৰ্মচাৰী সকলে ৷যাৰ বাবেই এই শোকাবহ ঘটনাটো সংঘটিত হ’ল বুলি অভিযোগ স্থানীয় লোকৰ ৷দুৰ্ভাগ্য জনক ঘটনাটোত শোকত ভাগি পৰিছে নিহত লোকজনৰ পৰিয়ালবৰ্গ ৷স্থানীয় লোকে নিহত লোক জনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে ৷ ইফালে ঘটনা সংঘটিত হোৱাৰ দুঘণ্টা পাছতো উপস্থিত নহল বিদ্যুৎ বিভাগৰ এজনো কৰ্মচাৰী ৷ ইয়াকে লৈ ঘটনাস্থলীতে পৰিৱেশ উত্তপ্ত কৰি তোলে স্থানীয় লোকসকলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *