বছৰৰ দ্বিতীয়টো বানত বুৰ গ’ল কাজিৰঙা।

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত লঘু বাহনৰ চলাচল বন্ধৰ নিৰ্দেশ বোকাখাত মহকুমা প্ৰশাসনৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ জুলাই : বছৰৰ দ্বিতীয়টো বানত বুৰ গ’ল কাজিৰঙা ৷ দ্ৰুতগতিত বাঢ়ি অহা বানৰ পানীয়ে ক্ৰমাৎ সামৰি লৈছে বনাঞ্চলৰ লগতে জনাঞ্চল সমূহকো ৷ সাম্প্ৰতিক বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটি কেইবাটাও ঠাইত জলমগ্ন হোৱাৰ বাবে যান-বাহনৰ চলাচলত অসুবিধাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত বোকাখাত মহকুমা প্ৰশাসনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সৰু যান বাহনৰ চলাচল বন্ধৰ নিৰ্দেশ দিছে। উল্লেখ্য যে ইতিমধ্যে ভয়াবহ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯৫ শতাংশ এলেকা প্লাৱিত হোৱাৰ সমান্তৰালভাৱে ২২৩ টা বনশিবিৰ ভিতৰত ১৬৬ টা বনশিবিৰেই বুৰ গৈছে বানত৷ ৷এসপ্তাহৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখত মৃত্যু হোৱা বন্য জন্তুৰ সংখ্যা ৪১ টাৰ পৰা বৰ্তমান বৃদ্ধি পালে ৪৭ টালৈ ৷ তীব্ৰ সংকটৰ মাজত বাঢ়নী পানীত ককবকাইছে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলে ৷ জলমগ্ন ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগৰ পৰা সাঁতুৰি-নাদুৰি প্ৰাণৰক্ষাৰ চেষ্টা চলাই উদ্যানৰ দক্ষিণ দিশেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি নিৰাপদ স্থানৰ সন্ধানত কাৰ্বি পাহাৰলৈ গতি কৰাৰ লগতে সুবিধা পালে আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ড সমূহত ৷আনহাতে বাঢ়নী পানীত বুৰ গৈছে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গ্ৰামাঞ্চল সমূহো ৷ ৷গ্ৰামাঞ্চল সমূহত ঘৰৰ মূধচেৰে পানী বাগৰাত অঞ্চলবাসীয়ে ঘৰবাৰী এৰি আশ্ৰয় লৈছে অস্থায়ী শিবিৰত ৷ ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰতিবেদন অনুসৰি বোকাখাত মহকুমা প্ৰশাসনে জানিবলৈ দিয়ে যে আজি আবেলিলৈকে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানীৰ কবলত পৰিছে ৬৩ খনকৈ গাঁও ৷ ইয়াৰে মহুৰা মৌজাত ধনশিৰি টেমেৰা, ৰিৰি, নিকৰি, বংকোৱাল, মাজদোলোপা, ভুলুকাগূৰি, অফলা, গৰৈমাৰি, বিল”তিয়া, হাঁহচৰা, বৰপাক,বৰটিকা, গৰিয়া গাওঁ বুধবাৰি ,ধোদাং , ৰঙাগড়া ৷ বোকাখাত মৌজাৰ দুই নং প’ৰগনিয়া, মৰিয়াহোলা, শিলজুৰি কাকজুৰি, যোগনিয়া আটি, দিঘলীআটি, কুৰুৱাবাহী, কুৰুৱাবাহি সত্ৰ ,বৰাইখোৱা জুগল আটি গাওঁ ,দ’ গাওঁ , বোকাখাত টাউন (ৱাৰ্ড নং ১) ,কুমাৰণী আটি , কুমাৰণী পথাৰ ,ৰ’দুৱাৰ পথাৰ৷ কাজিৰঙা মৌজাৰ বেল’গূৰি, বহিখোৱা,দুই নং শিলডুবি, ১নং শিলডুবি, হাতীখুলি বাগিছা গাঁও, হালধিবাৰী,বামুণ গাঁও, ৮. কাজিৰঙা এন. চি, জাপৰি পথাৰ, ডিফলু পথাৰ, তামুলী পথাৰ, ২ নং কহঁৰা গাওঁ, আহোম গাওঁ, কান্ধুলিমাৰি, বৰজুৰি বাগিচা গাওঁ, বৰজুৰি গাওঁ,শিলজুৰি, মেঠনি,গোঁসানীবৰ ,১নং দোমজান, ২নং দোমজান ,বচাগাওঁ , অগৰাতলি ,ম’হপৰা , লুকুৰাখনিয়া,১নং কঁহৰা,চেপেনাকোবোৱা,২ নং শিলডুবি,বেজ গাওঁ ,পলাশগুৰি গাওঁ ,কৰৈ আটি গাওঁ ,হালুৱা গাওঁ,কলাখোৱা ৷ ক্ষতিগ্ৰস্ত কৃষি এলেকা: (প্ৰায়) ৪৫০.০৫ হেক্টৰ . বৰ্তমানলৈকে প্ৰভাৱিত জনসংখা: (প্ৰায়) ৭৫৮০০ ( এই ক্ষেত্ৰত সমীক্ষা চলাই থকা হৈছে আৰু পৰবৰ্তী প্ৰতিবেদনত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে )৷ প্ৰভাৱিত জীৱ-জন্তু (প্ৰায়):২১০০০৷ বৰ্তমানলৈকে বান সাহাৰ্য বিতৰণ শিবিৰ স্থাপন : ৬০ ৷ আশ্ৰয় শিবিৰ : ১৬ ৷আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা : ২২৩০৷২৮৩ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। ৮ টা চিকিৎসা শিবিৰ স্হাপন কৰাৰ লগতে ৪ টা পশু চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *