ফ্লপ শ্ব’ত পৰিণত মুখ্যমন্ত্ৰীৰ কাজিৰঙা সেউজীকৰণ আঁচনি

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ৬জুলাই : ৰাজ্যত চলি আছে ৭১ সংখ্যক বন মহোৎসৱ ৷ কাজিৰঙাত ৰাজকোষৰ লক্ষ লক্ষ টকা পানীত পৰাৰ লগতে এক প্ৰকাৰ ফ্লপ শ্ব’ত পৰিণত হল মুখ্যমন্ত্ৰীৰ কাজিৰঙা সেউজীকৰণ আঁচনি ৷ উল্লেখ্য যে ২০১৭ চনত কাজিৰঙাত বন মহোৎসৱৰ লগত সংগতি ৰাখি কলিয়াবৰৰ পৰা বোকাখাতলৈকে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত বহু লক্ষাধিক টকা খৰচ কৰি ৰোপণ কৰা হৈছিল ২৮ হাজাৰ গছপুলি ৷কাজিৰঙাৰ কহঁৰাত অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই এটা গছপুলি ৰুই শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীৰ কাজিৰঙা সেউজীকৰণ আঁচনিৰ ৷ কিন্তু মন্ত্ৰী গৰাকীয়ে ৰোপণ কৰা গছ পুলিটোৰেই বৰ্তমান কোনো অস্তিত্বই নাই ৷ তদুপৰি দুই এজোপা গছৰ বাহিৰে প্ৰায়সমুহ পুলি পৰিচৰ্যাৰ অভাৱত মৰি গল ৷ ইফালে অসম চৰকাৰে ৰোপণ কৰা যি কেইজোপা গছ বৰ্তমান জীয়াই আছে সেই কেইজোপা গছৰো আগবোৰ কাটি থাকিবলগীয়া হৈছে বিদ্যুৎ বিভাগে ৷ কিয়নো বিদ্যুৎ পৰিবাহী তাৰৰ তলতেই ৰোপণ কৰা হৈছিল গছ পুলিসমুহ ৷ যাৰ বাবে বাৰে বাৰে ব্যাহত হৈ পৰে বিদ্যুৎ সংযোগ ৷ইফালে কেৱল গছ পুলি ৰুইয়ে দায়িত্ব সামৰা বিভাগীয় কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত পুলিসমুহৰ সঠিক পৰিচৰ্যা নকৰিলে বুলি ক্ষোভ উজাৰিলে অসম জাতীয়তাৱাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে ৷ ৰাজকোষৰ লাখ লাখ টকাৰ অপচয় কৰি উদযাপন কৰা বন মহোৎসৱৰ হিচাপ ৰাজহুৱাভাৱে দাখিল কৰাৰো দাৱী জনাইছে সংগঠনটোৱে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *