শিক্ষাবিদ-লেখক মহেন শইকীয়াৰ নৱমতম গ্ৰন্থ “গণিতৰ হাতপুথি ” উন্মোচন:

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ জুলাই: কভিড-১৯ ৰ আতংক আৰু লকডাউনৰ মাজতে বোকাখাত মহকুমাৰ অন্তৰ্গত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিশিষ্ট লেখক মহেন শইকীয়াৰ নৱমতম গ্ৰন্থ “গণিতৰ হাতপুথি ১০০ কুইজ” এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত উন্মোচন কৰে। নুমলীগড় হাইস্কুলৰ ক্ষুদ্ৰ সংগ্ৰাহালয় ‘কলা-কৃষ্টিৰ কুটীৰ’ ত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গোলাঘাট পশ্চিম প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া বৰ্মন তেৰণে গ্ৰন্থখনি উন্মোচন কৰে৷ এখন হাইস্কুলৰ প্ৰধান শিক্ষকৰ দৰে সন্মানীয় আৰু ব্যস্ততাপূৰ্ণ পদত থাকিও মহেন শইকীয়াৰ সাহিত্য চৰ্চা, গ্ৰন্থ প্ৰণয় কৰা দৰে মহৎ কাৰ্যক শলাগ লয় গ্ৰন্থ উন্মোচক টেৰণে।গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ সমল ব্যক্তি প্ৰদীপ শৰ্মা, শিক্ষক অৰবিন্দ শইকীয়া, সাংবাদিক চবিত বিষ্টই৷ কভিড-১৯ ৰ নিৰ্দেশনা মানি আয়োজন কৰা গ্ৰন্থ উন্মোচন অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে শুভাকাংক্ষী সকলে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, মহেন শইকীয়াৰ বিভিন্ন আলোচনী, পত্ৰিকা, বাতৰি কাকত আদিত ভিন্ন ধৰ্মী লেখা প্ৰকাশ হৈ থকাৰ উপৰি ‘নুমলীগড়’, ‘আইদেউ সন্দিকৈ’, ‘দেওপাহাৰ’, ‘ জ্ঞান-কোষ’, ‘সময়ৰ দস্তাবেজ’, ‘ধাৰাপাত’, ‘জোনাক’ আদি গ্ৰন্থ প্ৰকাশ কৰিছে৷ ইপিনে শিক্ষকৰ দৰে পবিত্ৰ আৰু সন্মানীয় বৃত্তিৰ মাজেৰে স্বচ্ছ, নিকা, সততাৰে নিকৰি ঘৰৰ দৰে স্কুলখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে প্ৰধান শিক্ষক মহেন শইকীয়াই ২০১৯ বৰ্ষত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *