নিশা বনকৰ্মীৰ মাছ সৰবৰাহকলৈ কাজিৰঙাত উত্তপ্ত পৰিস্থিতি।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ জুলাই: নিশা হলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাত কি চলে। বানৰ সুবিধা লৈ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে। কাজিৰঙাৰ মিহিমুখৰ ৰাইজৰ অভিযোগ নিশা হলে কহঁৰা বনাঞ্চলৰ একাংশ বনকৰ্মীয়ে চোৰাং ভাবে মাছ সৰবৰাহ কৰে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা। অভিযোগ মতে, শনি বাৰে নিশা প্ৰায় ১১ বজাত গাঁও বাসীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশ দ্বাৰ মিহিমুখত উদ্যানৰ পৰা ওলাই অহা AS 06 C 9418 নম্বৰৰ জীপচি খনে উদ্যানৰ পৰা মাছ আৰু জাল লৈ ওলাই অহা অৱস্থাত আগ ভেটি ধৰে। কিন্তু গাড়ীত থকা বনকৰ্মী কেইজনে গাড়ী নৰখাই দুজন লোকক মহতিয়াই পলায়ন কৰে। আনহাতে, এই ঘটনাৰ পাছতে উত্তেজিত হৈ পৰে মিহিমুখৰ ৰাইজ। উত্তেজিত ৰাইজে ঘেৰাও কৰে উদ্যানৰ মূল প্ৰৱেশদ্বাৰ। কিছু সময়ৰ পাছতে কহঁৰা আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গাড়ীৰ খুন্দাত আঘাত প্ৰাপ্ত সাগৰ ঘটোৱাল আৰু অজিত মণ্ডলক চিকিৎসাৰ ব্যৱস্থা কৰে। ইফালে, ৰাইজৰ প্ৰশ্ন কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত স্থানীয় লোকক উদ্যানৰ কাষৰ খাল বিলত মাছ ধৰাত বাধা দিয়া বন বিভাগে উদ্যানৰ কৰ্মচাৰীক উদ্যানৰ ভিতৰত কেনেকৈ মাছ ধৰিবলৈ অনুমতি দিলে। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে একাংশ লোকে উদ্যান কৰ্তৃপক্ষৰ ওপৰত অপবাদ জাপি দিব বিচাৰিছে ৷উদ্যান কৰ্তৃপক্ষৰ মতে ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত একাংশ লোকে মাছ মাৰি থকাৰ খবৰ পাই বনকৰ্মীয়ে অভিযান চলাই ৷অভিযানৰ সময়ত মাছ মাৰি থকা লোক সকল পলাই যাবলৈ সক্ষম হয় যদিও জাল বিলাক বনকৰ্মীয়ে জব্দ কৰে ৷জব্দ কৰা জাল বিলাক বিভাগীয় গাড়ীৰে আনি থকা অৱস্থাত মিহিমুখত একাংশ লোকে গাড়ী খন আগচি ধৰি আক্ৰমণ চেষ্টা কৰে ৷এনে পৰিস্থিতিত গাড়ী খনৰ চালকে আত্ম ৰক্ষাৰ বাবে গাড়ী খন বেগেৰে চলাই আহিবলৈ বাধ্য হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *