এজন বিশেষ ব্যক্তিক লৈ আতংকত কাজিৰঙা

সোপাঢিলা নীতিৰে চলিছে কভিদ১৯ ৰ পেইড কোৱাৰেণ্টাইন চেণ্টাৰ

নিউজ ডেস্ক,কাজিৰঙা লাইভ, ৫ জুলাই:
কাজিৰঙাত Covid 19 ৰ সংক্ৰমনৰ আশংকা ৷কাজিৰঙাৰ দিৰিঙৰ এটা ভাৰাঘৰত থকা হিৰণ্য দত্ত নামৰ এজন লোকৰ Covid পজিটিভ ধৰা পৰাৰ পাছত গণসংক্ৰমনৰ আশংকাত হাহাকাৰ লাগিছে কাজিৰঙাত ৷জানিব পৰা মতে কাজিৰঙাৰ বনভিলা নামৰ এখন ব্যক্তিগত ৰিজৰ্টত পেইড কোৱাৰেন্টাইন হৈ আছিল গোলাঘাটৰ হিৰণ্য দত্ত নামৰ যুৱক জন ৷কিন্তু প্ৰশাসনৰ অজ্ঞাতে লোকজনে দিৰিঙৰ খৰ্গেশ্বৰ গগৈ নামৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাবে থাকিবলৈ লয় ৷ইয়াৰ মাজতে হিৰণ্য দত্তৰ স্বোৱাব পৰীক্ষাত Covid ৰ উপস্থিতি নিশ্চিত হোৱাৰ খবৰৰে আতংকৰ সৃষ্টি কৰিছে কাজিৰঙাত ৷কোৱাৰেন্টাইনত থকা এজন লোকে কেনেকৈ আহি ভাৰাঘৰত থকাৰ সুবিধা পালে ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে কাজিৰঙাত ৷অভিযোগ মতে গোলাঘাটৰ আৰক্ষী বিভাগত কৰ্মৰত কাজিৰঙাৰ অজয় নাথ নামৰ এজন লোকৰ সহযোগত হিৰণ্য দত্তই ভাৰাঘৰত থকাৰ সুবিধা লাভ কৰিলে ৷ভাৰা ঘৰত থাকি কাজিৰঙাৰ বিভিন্ন লোকৰ সংস্পৰ্শলৈ অহাৰ লগত এখন ধাৱাতো একাংশৰ লগত নিশা আহাৰ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ইতিমধ্যে প্ৰশাসনে হিৰণ্য দত্ত থকা ভাৰাঘৰটো চিল কৰি দিয়াৰ লগত আহাৰ গ্ৰহন কৰা পেলিকান নামৰ ধাৱা সহ হিৰণ্য দত্তৰ আহযাহ হোৱা এখন হোটেল আৰু ৮ টা ঘৰ চিল কৰিছে বোকাখাত মহকুমা প্ৰশাসনে ৷ ইফালে এই ঘটনাৰ পাছত মহকুমা প্ৰশাসনলৈ ৰাইজৰ প্ৰশ্ন -সোপাঢিলা নীতিৰে চলিছে নেকি কোৱাৰেণ্টাইন চেণ্টাৰ ? কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে কিদৰে ঘূৰি ফুৰিব পাৰে বুলিও ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *