কলিয়াবৰ হাৰমতিত আৰক্ষীৰ ভয়ত ফিচাৰিত জাপ দি যুৱকৰ মৃত্যু।

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ৪ জুলাই : কলিয়াবৰৰ হাৰমতিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ ভয়ত ফিচাৰিত জাপ দিয়া এজন যুৱকৰ মৃতদেহ । শনিবাৰে এটা ফিচাৰিত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এই যুৱকজনৰ মৃতদেহটো । শনিবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ পাছত মৃতদেহটো আবু ছিদ্দিকৰ বুলি চিনাক্ত কৰে ৷ উল্লেখ্য যে, ২ জুলাইৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল এই মৃত যুৱকজন। স্থানীয় ৰাইজে জনোৱা মতে, ২ জুলাইৰ নিশা আবু ছিদ্দিক সহ কেইজনমান যুৱক হাৰমতিৰ তিনিআলিত বহি থকা অৱস্থাত কাৰ্বি আংলং জিলাৰ ৰংবংৱে আৰক্ষীৰ এটা দলে চোৰৰ বিৰুদ্ধে অভিযান চলাই ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ হৈ যাওঁতে যুৱক কেইজনক প্ৰত্যক্ষ কৰে। আৰক্ষীৰ দলটোৱে যুৱক কেইজনৰ ফালে টৰ্চ লাইটৰ পোহৰ নিক্ষেপ কৰাত ফৰিং চিটিকা দিয়ে যুৱকৰ দলটোৱে ৷ দলটোৰ কোনো কোনোৱে ওচৰতে থকা এই ফিচাৰি টোত জাপ দিও পলাবলৈ চেষ্টা কৰে। আবু ছিদ্দিকেও জাপ দিছিল ফিছাৰিটোত। কিন্তু সাতুৰিব নাজানিছিল আবু ছিদ্দিক নামৰ এই যুৱকজনে । সেই নিশাটোৰ পৰাই সন্ধানহীন হৈ থকা যুৱকজনৰ মৃত দেহ শনিবাৰে ফিচাৰিটোত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *