কলিয়াবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত ব্যাপক দুৰ্নীতি আৰু অনিয়ম।

কাজিৰঙা লাইভ, কলিয়াবৰ, ৩ জুলাই: পোহৰলৈ আহিছে এক বৃহৎ দুৰ্নীতি আৰু অনিয়মৰ তথ্য ৷ কৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিটো পঞ্চায়তক ২০০০ কৈ বিনামূলীয়া ASOMI BRAND মাস্ক যোগান ধৰিবলৈ দিয়া নিৰ্দেশ কাৰ্যকৰী কৰাত সংঘটিত হোৱা এই বৃহৎ দুৰ্নীতি আৰু অনিয়মৰ তথ্য পোহৰলৈ আহিছে কলিয়াবৰত। অভিযোগ মতে, কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৮ গাওঁ পঞ্চায়তৰ প্ৰতিটো পঞ্চায়তৰ বাবে ২০০০ কৈ ASOMI BRAND মাস্ক যোগান ধৰিবলৈ নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে পত্ৰ নং No. NZP 278/CV/PART/2020-21 তাৰিখ ১১ মে ২০২০ তাৰিখে DPM লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। সেই খন পত্ৰৰ সুযোগ লৈ DPM গৰাকীয়ে প্ৰতিটো উন্নয়ন খণ্ডৰ BPM গৰাকীৰ জৰিয়তে আত্মসহায়ক গোট সমূহকলৈ গঠিত গ্ৰাম্য সংগঠন সমূহক চৰম প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়টোত বস্তাই বস্তাই পৰি আছে মাস্ক সমূহ। সম্প্ৰতি অতি নিম্নমানৰ এই মাস্ক ক্ৰয় কৰিবলৈ অমান্তি হৈছে পঞ্চায়ত সমূহ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নগাঁও জিলা কাৰ্যালয়ে খণ্ড অভিযান পৰিচালনা গোটৰ বিষয়াৰ সৈতে জড়িত হৈ গ্ৰাম্য সংগঠন সমূহক অন্ধকাৰত ৰাখি এই ব্যৱসায় কৰিছে বুলি সংবাদমাধ্যমৰ সন্মুখত ক’লে এগৰাকী বিষয়াই৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নগাঁও জিলা কাৰ্যালয়ে অতি নিম্নমানৰ কাপোৰ যোগান ধৰি গ্ৰাম্য সংগঠন সমূহক কৰা প্ৰৱঞ্চনাৰ কথা উল্লেখ কৰি মণ্ডল পৰ্যায়ৰ সংগঠনৰ সম্পাদিকা এগৰাকীয়ে কয় যে নগাঁও জিলা পৰিষদৰ CEO গৰাকীয়ে পত্ৰ যোগে ASOMI BRAND ৰ মাস্ক যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড অভিযান পৰিচালনা গোটৰ বিষয়া গৰাকীয়ে জিলা অভিযান পৰিচালনা গোটৰ বিষয়াৰে মিলি প্ৰতি মিটাৰ কাপোৰত ৩৫ টকা দৰত ২০০০ মিটাৰ কাপোৰ ক্ৰয় কৰি ৭০ হাজাৰ টকা লৈ যায় ৷ গ্ৰাম্য সংগঠন সমূহে নিজে কাপোৰ ক্ৰয় কৰি মাস্ক প্ৰস্তুত কৰি ২৫ টকা দৰত বিক্ৰী কৰি লাভাম্বিত হোৱাত হেঙাৰ হৈ ঠিয় দিলে একাংশ বিষয়া-কৰ্মচাৰীয়ে। গ্ৰাম্য সংগঠনৰ জীৱিকা বৃদ্ধিৰ বাবে লোৱা আঁচনিত শেন চকু পৰা এই সকল বিষয়াৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা হাতত ল’ব সেইয়াহে এতিয়া লক্ষণীয় হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *