বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সমাজ সেৱা বিভাগৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিডৰৰ আৱৰ্জনা পৰিস্কাৰ কাৰ্যসুচী :

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ১ জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ হ’ল পানবাৰী এনিমেল কৰিডৰ ৷ বানপানীৰ সময়ত এই এনিমেল কৰিডৰেদি কাজিৰঙাৰ বন্যপ্ৰাণীয়ে দক্ষিন দিশৰ কাৰ্বি আংলংৰ পাহাৰলৈ গতি কৰে ৷ শেষকতীয়া বানতো কাজিৰঙা সহস্ৰাধিক বন্যপ্ৰাণীয়ে পানবাৰীৰ কৰিডৰেদিয়েই কাৰ্বি পাহাৰলৈ যাত্ৰা কৰিছে ৷ গুৰুত্বপূৰ্ণ এই কৰিডৰটোৰে যোৱা ৩৭ৰাষ্ট্ৰীয় পথেৰে দিনৌ সহস্ৰাধিক বাহনে উজনি আৰু নামনিলৈ গতি কৰে ৷ এই যানবানৰ একাংশই পেলায় যোৱা প্লাষ্টিকৰ বটল , চিপৰ পেকেট , গুটকাকে ধৰি বিভিন্ন সামগ্ৰি পেলায় ইতিমধ্যেই এই কৰিডৰটো প্ৰদূষিত কৰিছে ৷ আজি পুৱা বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সমাজ সেৱা বাহিনীৰ এটা দলে এনিমেল কৰিডৰটোৰ এই আৱৰ্জনা বোৰ আঁতৰাই কৰিডৰটো পৰিস্কাৰ কৰে ৷ এই উপলক্ষে পানবাৰীত থকা খণ্ড বন শিৱিৰৰ সমীপতে আয়োজিত এই ৰিশেষ অনুষ্ঠানত উপস্থিত থাকি কাজিৰঙা ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিক ভাৱে আজিৰ এই পুৰস্কাৰ অভিযানৰ শুভাৰম্ভ কৰে ৷ কাজিৰঙাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ গৱেষণা বিষয়া ৰবান্দ্ৰ শৰ্মা , বনাঞ্চলিক বিষয়া দিপাংকৰ দেৱ , প্ৰকৃতিবিদ বিতোপন কলংৰ লগতে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ প্ৰৱক্তা প্ৰশান্ত শইকীয়া উপস্থিত থাকে ৷ অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈ আৰু ৰবীন্দ্ৰ শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত্ব বিৱৰণ দাঙি ধৰে ৷ উদ্বোধনৰ পাচতেই ছাত্ৰ ছাত্ৰী সকলে মাক্স আৰু হাতমোজা পৰিধান কৰি এনিমেল কৰিডৰটোৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশৰ দুয়ো কাষৰ আৱৰ্জনা পৰিস্কাৰ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *