বান পৰিস্থিতি কিছু স্থিৰ অৱস্থালৈ আহিছে যদিও সংকট কমা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ জুলাই: কাজিৰঙাৰ বান পৰিস্থিতি কিছু স্থিৰ অৱস্থালৈ আহিছে যদিও সংকট কমা নাই ৰাষ্ট্ৰীয় উদ্যান খনৰ বন্যপ্ৰাণীৰ ৷ এনে পৰিস্থিতিত জাকে জাকে বন্যপ্ৰাণী দিনে নিশাই ধাৱমান হৈছে কাৰ্বি পাহাৰৰ দিশে ৷ ইতিমধ্যে বান বিধ্বস্ত কাজিৰঙাত মৃত্যু হৈছে ১৮ টা কৈ বন্যপ্ৰাণীৰ ৷ ইয়াৰে এটা গঁড়, ১৫ টা সুগৰী পহু, ১ এটা দল হৰিণৰ লগতে এটা বনৰীয়া গাহৰিৰ মৃত্যু হৈছে । এই সমূহৰ মাজতে, ৩৭ নং ৰাষ্ট্ৰীয় পথত তীব্ৰ বেগী যান-বাহনৰ খুন্দাত মৃত্যু হৈছে ৭ টা সুগৰী হৰিণৰ ৷ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ধাৱমান হোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি ঘন্টাত ৪০ কিলোমিটাৰৰ অধিক বেগত যান-বাহন চলোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো আইন অমান্য কৰিছে বহু যান-বাহনৰ চালকে ৷ কাজিৰঙাৰ এনিমেল কৰিডৰত বনবিভাগে স্থাপন কৰা চেনচ’ৰ কেমেৰাত ধৰা পৰা মতে, বিগত দুটা দিনত ৰাষ্ট্ৰীয় পথটোত চলাচল কৰা ৩৭২১ খন যান-বাহনৰ ভিতৰত আইন অমান্য কৰিছে ৬২২ খন বাহনে ৷ বিভাগীয় সূত্ৰমতে কেমেৰাত নম্বৰ সহ ধৰা পৰা আইন অমান্যকাৰী যানবাহনৰ বিৰোদ্ধে আইন সংগত ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট পক্ষই ৷ আনহাতে, কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনস্থ ২২৩ টা বনশিবিৰৰ ভিতৰত ১৪৬ টা বনশিবিৰৰ তলেৰে পানী বাগৰিছিল যদিও পানী কমিবলৈ আৰম্ভ কৰাত ৩৯ টা বনশিবিৰৰ তলৰ পৰা পানী কমিছে বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *