সম্পূৰ্ণভাৱে জলমগ্ন যোগনীয়া। মথাউৰিত আশ্ৰয় যোগনীয়াবাসীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ ,২৯ জুন :বাঢ়নী পানীত আথাউনি হেৰুৱাই মথাউৰিত আশ্ৰয় লব লগা হৈছে যোগনীয়া গাঁৱৰ প্ৰায় ৩৫/৪০ টা পৰিয়ালে ৷ চাৰিটা দিনৰ আগৰেপৰা মথাউৰিত আশ্ৰয় ল’ব লগা হোৱা এইসকল গাওঁবাসীৰ এতিয়া দুখ- দুৰ্দশা বৰ্ণনাতীত ৷ কণ-কণ শিশুৰ লগতে বৃদ্ধলোকসকলেও একোখন টিনৰ চালিৰ তলত বোকা-পানীৰ মাজতে ঘৰচীয়া জীৱ-জন্তুৰ সৈতে সহবাস কৰি পাৰ কৰিছে এটা এটা দিন ৷চৰকাৰী কোনো সাহায্য বাতৰি লিখা পৰলৈকে নোপোৱাৰ ক্ষোভ এইসকল গাওঁবাসীৰ ৷
যোগনীয়া গাঁওবাসীয়ে দলং বা মথাউৰিৰ নহয় এখন শ্লুইছ গেটৰহে দাবী ৮৭’ চনৰপৰা কৰি আহিছে বুলি এই সাংবাদিকক জনায় ৷বিগত চৰকাৰবোৰে এইক্ষেত্ৰত কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ চৰকাৰখনৰ দিনতেই এইক্ষেত্ৰত পৰিবৰ্তনৰ কিছু আশা প্ৰকাশ কৰিছে যদিও বৰ্তমানলৈকে চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ যোগাত্মক দিশ চকুত নপৰাত ক্ৰমান্বয়ে হতাশ হৈ পৰিছে বছৰে বছৰে বানপানীত সৰ্বস্ব হেৰুৱাব লগা হোৱা যোগনীয়াবাসীয়ে ৷ পশুধনৰ খাদ্য সংকটৰ সমান্তৰালভাৱে দেখা দিছে নানানটা অচিন বেমাৰেও ৷

Leave a Reply

Your email address will not be published. Required fields are marked *