কাজিৰঙাত নিশা অগপ কৰ্মীৰ গুণ্ডাগিৰী। সাংবাদিকক হত্যাৰ চেষ্টা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ জুন: নিশা হলেই কাজিৰঙাত আৰম্ভ হয় অসম গণ পৰিষদৰ তৃণমূল কৰ্মীৰ গুণ্ডাগিৰি ৷ কোনো কাৰণ নোহোৱাকৈ সাংবাদিকৰ গৃহত উপস্থিত হৈ সাংবাদিকৰ পৰিয়ালক বিভিন্ন অশ্লীল শব্দৰে গালি পাৰি অপদস্থ কৰি সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ উত্থাপিত হৈছে অসম গণ পৰিষদ দলৰ কাজিৰঙাৰ তৃণমূল কৰ্মী ভাস্কৰ ফুকনৰ বিৰুদ্ধে ৷ অভিযোগ মতে, এটা ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক তথা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সাংগঠনিক সম্পাদক আৰু কাজিৰঙা প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সদস্য বিতোপন বৰাৰ স্বগৃহত নিশা ভাস্কৰ ফুকন নামৰ অগপ কৰ্মীজন উপস্থিত হৈ বিতোপন বৰাৰ লগতে পৰিবাৰক অভব্য আচৰণ কৰে ৷ভাস্কৰ ফুকনৰ এই কাৰ্যত প্ৰতিবাদ কৰাৰ বাবে ভাস্কৰ ফুকনে বিতোপন বৰাক প্ৰহাৰ কৰে ৷ ইমানতে ক্ষান্ত নাথাকি ভাস্কৰে নিজে লৈ অহা AS 04D 2881 নম্বৰৰ বগা ৰঙৰ মাৰুটি ৮০০ গাড়ী খনেৰে বিতোপন বৰাৰ গৃহৰ সন্মুখতে খুন্দিয়াই প্ৰাণে মৰাৰ চেষ্টা চলাই ৷ উপায়ন্তৰ হৈ বিতোপন বৰাই কহঁৰা আৰক্ষীক খবৰ দিয়ে। আৰক্ষী অহাৰ উমান পাই আৰক্ষী উপস্থিত হোবাৰ পূৰ্বে ভাস্কৰ ফুকন আৰু তেওঁৰ লগত থকা সহযোগী জনে গাড়ী লৈ পলায়ন কৰে ৷ আনহাতে নিশাই ভাস্কৰ ফুকনে নিজৰ ফেইচ বুক একাউণ্টত বিতোপন বৰাৰ বিৰুদ্ধে একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি বিভিন্ন অশ্লীল মন্তব্য দিয়ে৷ উল্লেখযোগ্য যে, বিগত পঞ্চায়ত নিৰ্বাচনত ভাস্কৰ ফুকন নামৰ এই তৃণমূল কৰ্মী জনৰ কাৰণে অগপ দলে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত সম্পূৰ্ণ ভেটি হেৰুৱাইছিল বুলি বিভিন্ন মহলত সমালোচনা হৈ আহিছে। বিভিন্ন সময়ত কাজিৰঙাৰ লাইন ধাবাত গুণ্ডাগিৰী কৰি ঔকিল খোৱাৰ অভিযোগ থকা অগপ কৰ্মী জনৰ এনেবোৰ কৰ্ম কাণ্ডই আগন্তুক বিধান সভা নিৰ্বাচনত অগপ দলৰ কিছু হলেও ক্ষতি কৰিব সেয়া নিশ্চিত। ইতিমধ্যে বিতোপন বৰাই ভাস্কৰ ফুকনৰ লগতে AS 04D 2881 গাড়ী খনৰ বিৰুদ্ধে কহঁৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ইফালে নিশা ফেচবুকত লিখা পষ্ট পুৱাৰ ভাগত ফেচবুকৰ পৰা আঁতৰাই দিয়ে ভাস্কৰ ফুকনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *