কলিয়াবৰত কভিড১৯ ৰ গণ সংক্ৰমন আৰম্ভ ৷ কুঁৱৰীটোলত ৬ ঘণ্টাযোৰা শ্বাসৰুদ্ধ পৰিস্থিতি। নিশা PPE কিট পিন্ধি কভিড ৰোগী বিচাৰি আৰক্ষীৰ অভিযান।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ জুন: সম্পূৰ্ণ ৬ ঘন্টা যোৰা অভিযানৰ অন্তত আত্মসমৰ্পণ কৰিলে ৭ জনকৈ কভিড ৰোগীয়ে। এই ঘটনা সংঘটিত হয় কলিয়াবৰৰ কুঁৱৰীটোলত। যোৱা ১৭ জুন তাৰিখে কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰেমিজা বেগম নামৰ এগৰাকী কৰ্কট ৰোগীৰ দেহত কভিড পজিটিভ ধৰা পৰাত চিকিৎসালয়ত চিকিৎসাধীন হৈ ৰেমিজা বেগম ২৪ জুনত সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘুৰি গল যদিও সুস্থ হোৱাৰ পূৰ্বেই ঘৰত থকাৰ সময়তে উক্ত মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা ২ আৰু ৩ বছৰীয়া দুটি কনমানিৰ সৈতে মুঠ ৭ জন কভিড পজিটিভ হোৱাৰ খবৰ আহে ২৭ জুনৰ বিয়লি । ইয়াৰ পাছতেই কুঁৱৰীটোলৰ উক্ত লোক কেইজনক স্বাস্থ্য বিভাগে চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেঞ্চ প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ যাবলৈ অমান্তি হয় একেটা পৰিয়ালৰ ৭ জনকৈ কভিড পজিটিভ ব‍্যক্তি । ইয়াত আছিল ২, ৩ আৰু ১০ বছৰীয়া শিশু। পৰিয়ালৰ লোকে ওভতাই পঠালে স্বাস্থ্য কৰ্মী সহ এম্বুলেঞ্চ খন। সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা পৰবৰ্তী সময়ত স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে বহু চেষ্টা কৰে যদিও কভিড ৰোগী কেইজন ওলাই নাহিল ঘৰৰ পৰা । বহুবাৰ আহ্বান জনোৱাৰ পাছতো ওলাই নহাত আৰক্ষীয়ে পাঁচ মিনিট সময় দি এই ঘোষণা কৰিল যদিহে মহকুমা প্ৰশাসনক সহযোগ কৰি কভিড পজিটিভ সকল চিকিৎসালয়লৈ যাবৰ বাবে নিজেই ওলাই নাহে তেতিয়াহলে সম্পূৰ্ণ গাঁওখনকেই অতি কঠোৰ ভাৱে কনটেইনমেন্ট জ’ন ঘোষনা কৰিব । এই ঘোষণাৰ পাছতো তেওঁলোক ওলাই নহাত অৱশেষত কলিয়াবৰ আৰক্ষী থানাৰ অ’চি সহ আৰক্ষীয়ে এগৰাকী মহিলা আৰক্ষী আৰু স্বাস্থ্য কৰ্মীক লগত লৈ PPE কিট পিন্ধি পৰিয়ালটোৰ ঘৰত প্ৰবেশ কৰে যদিও ঘৰত বিচাৰি নাপালে এজনো কভিড ৰোগীক । আত্মগোপন কৰা ৭ গৰাকী কভিড ৰোগীক লৈ আৰক্ষী প্ৰশাসন এক প্ৰকাৰ চিন্তিত হৈ পৰিল। ঘটনাস্থলীত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি বিতোপন নেওগ, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া দ্যোতিভা বৰা আৰু কলিয়াবৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ গাঁও খন কনটেইনমেন্ট জ’ন কৰাৰ সিদ্ধান্ত লৈ মাইক যোগে পুণৰ ঘোষণা কৰাৰ সময়তে অৱশেষত স্থানীয় লোকৰ কঠোৰ আহ্বানত প্ৰায় ৬ ঘণ্টাজোৰা শ্বাসৰুদ্ধ পৰিবেশৰ অন্ত পেলাই পৰিয়ালটো ওলাই আহে । ঘৰৰ পৰা ওলাই গৈ আন এঘৰত লুকাই আছিল আটাইকেইজন লোক । পাছত গোটেই কেজনকে এম্বুলেঞ্চেৰে নগাঁও জিলাৰ মোৱামাৰি কভিড চিকিৎসালয়লৈ লৈ যায় । এনেকৈয়ে এতিয়া গণ সংক্ৰমণ আৰম্ভ হৈছে কলিয়াবৰত । ইফালে বন্ধ হৈ পৰিব পাৰে জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়খন । যোৱা ২৫ জুনৰ পৰা ২৭ জুনলৈ দুদিনৰ বাবে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী ৰোগীৰ লগতে দুগৰাকী আত্মীয় কভিড পজিটিভ হোৱাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে জখলাবন্ধা চিকিৎসালয়ত । কাৰণ ৰোগীজনৰ লগতে পৰিয়ালৰ আন দুজন লোক আন বহু লোকৰ সংস্পৰ্শলৈ অহাৰ উপৰিও চিকিৎসা প্ৰদান কৰা চিকিৎসকৰ লগতে নাৰ্চ সংস্পৰ্শলৈ আহিছিল চিকিৎসালয়ৰ আন বহু লোকৰ । চিকিৎসালয়খনত এতিয়াও ভৰ্তি হৈ আছে কেইবাগৰাকী প্ৰসুতি মাতৃ । আজি যিকোনো মুহূৰ্তত চিকিৎসালয়খন বন্ধ কৰি দি চিকিৎসালয়খনৰ সমুহ চিকিৎসক, নাৰ্চ তথা চিকিৎসা কৰ্মীক কোৱাৰেন্টাইন কৰিব পাৰে প্ৰশাসনে । এই দুটাকৈ ঘটনাৰ পাছতেই এতিয়া সমগ্র কলিয়াবৰতে এক আতংকময় পৰিবেশে বিৰাজ কৰিছে । মুঠতে কলিয়াবৰত আৰম্ভ হৈছে কভিড-১৯ ৰ গণ সংক্ৰমণ

Leave a Reply

Your email address will not be published. Required fields are marked *