ধনশিৰিমুখত পুনৰ জলপৃষ্ঠ উৰ্ধমুখী : নিশালৈ আৰু বঢ়াৰ সম্ভাৱনা :

উত্তম শইকীয়া, বোকাখাত, ২৭ জুন: কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে আজি দিনৰ ভাগত ধনশিৰিমুখ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পাইছে ৷ আজি দিনৰ ভাগত ধনশিৰিমুখত জলপৃষ্ঠ ০.০৬ মিটাৰ বৃদ্ধি পাইছে ৷ উজনিত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ধনশিৰিমুখত অহা ৪৮ ঘন্টা পানী বৈঢ়ি থাকিব ৷ নিশালৈ জলপৃষ্ঠ বৰ্তমানতকৈ আৰু ০.১২ মিটাৰ বা তাতকৈ অধিক বৃদ্ধি পোৱা আশংকা আছে ৷ প্লাৱিত হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ন ন অঞ্চল ৷ সম্প্ৰতি ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ০.৮৮ মিটাৰ ওপৰ ত আছে ৷ উজনিৰ অৰুণাচলৰ ইংকিয়ং আৰু বলেংত ২৬ জুনতকৈ জলপৃষ্ঠ ক্ৰমে ০.৪২ মিটাৰ আৰু ০.২৮ মিটাৰ বৃদ্ধি পাইছে আৰু আজি দিনৰ ভাগত পানী বাঢ়ি আছে ৷ যাৰ বাবে নামনিৰ অঞ্চল বোৰত জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পাব ৷ আজি দিনৰ ভাগত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.০৪ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ নিশালৈ পানী আৰু বঢ়াৰ সম্ভাৱনা আছে ৷ নিমাতীঘাটত দিনৰ ভাগত জলপৃষ্ঠ ০.২৩ মিটাৰ বৃদ্ধি পাইছে ৷ নিমাতীঘাট নিশালৈ জলপৃষ্ঠ আৰু ০.২৬ মিটাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ১.৬৫ মিটাৰ ওপৰত আছে আৰু পানী বাঢ়ি থকাৰ সম্ভাৱনা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *