কলিয়াবৰৰ দুই কৃৰ্তী ছাত্ৰীৰ বাসগৃহত উপস্থিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।

কাজিৰঙা লাইভ, কলিয়াবৰ, ২৬ জুন: নগাঁও চহৰৰ অন্যতম জনপ্ৰিয় তথা সফল শিক্ষানুষ্ঠান ৰেণেছাঁ আৰু ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা এই বৰ্ষত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত কলিয়াবৰৰ দুই ছাত্ৰী ক্ৰমে প্ৰিয়াংক্ষী গোস্বামীয়ে ৭ম আৰু নম্ৰতা বৰুৱাই ৯ম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ তথা সমগ্ৰ নগাঁও জিলালৈকে। আজি অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন জখলাবন্ধাস্থিত নম্ৰতা বৰুৱাৰ বাসগৃহত উপস্থিত হৈ মেধাৱী শিক্ষাৰ্থী গৰাকীৰ লগতে তেওঁৰ পিতৃ- মাতৃকো অভিনন্দন জনায়। শিক্ষা বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নম্ৰতা বৰুৱাৰ এই সফলতা আগলৈও বৰ্তি থকাৰ কামনা কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। কৃৰ্তী ছাত্ৰী গৰাকীলৈ একোখন শৰাই, গামোছা আৰু সাংসদ গৌৰৱ গগৈয়ে আগবঢ়োৱা কিতাপৰ একোটা টোপোলা আগবঢ়াই ৰকিবুল হুছেইনে । ইয়াৰ পাছতে ৰকিবুল হুছেইন কলিয়াবৰৰ শান্তিপুৰস্থিত প্ৰিয়াংক্ষী গোস্বামীৰ ঘৰত উপস্থিত হৈ প্ৰিয়াংক্ষী গোস্বামীকো শৰাই, গামোচা আৰু সাংসদ গৌৰৱ গগৈয়ে আগবঢ়োৱা কিতাপৰ টোপোলাটিৰে অভিনন্দন জনায়। ৰকিবুল হুছেইনে দুয়োগৰাকী মেধাৱী ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত যি ধৰণে তেওঁৰ ফালৰ পৰা সহায়ৰ প্ৰয়োজন সকলো খিনি সহায়- সহযোগিতা আগবঢ়াব বুলি পৰিয়াল দুটিক আশ্বাস দিয়ে। ৰকিবুল হুছেইনৰ লগতে নগাঁও NSUI বিষয়ববীয়া কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰা আৰু শৈলেষ দাস, কৃষাণ কংগ্ৰেছৰ অধ্যক্ষ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ, APCC সদস্য প্ৰদীপ বৰুৱা, জিলা কংগ্ৰেছৰ সদস্য তপন বৰাকে ধৰি কলিয়াবৰৰ যুৱ কংগ্ৰেছ NSUI ৰ একাধিক বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *