সীমিত সা-সুবিধাৰ মাজতো ৮৬% উত্তীৰ্ণৰে জ্বিলিকিল কাজিৰঙা মহাবিদ্যালয়

তৰ্জা বেৰৰ কোঠাত অধ্যয়ন কৰি শিক্ষাৰ্থীৰ সপোন গঢ়াৰ প্ৰয়াস

মনোজ প্ৰতিম শইকীয়া,কাজিৰঙা লাইভ,২৫ জুন : ঘোষণা হল বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ বৃহত্তৰ কাজিৰঙা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান,কাজিৰঙাৰ স্বাভিমান কাজিৰঙা মহাবিদ্যালয়ৰ অৱতীৰ্ণ হোৱা মুঠ ৪৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪২ গৰাকী শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সাতজন শিক্ষাৰ্থী ক্ৰমে উতথ্য কাশ্যপ,দেৱাশীষ গগৈ ,কৃষ্ণ ডেকা,ৰুমী শইকীয়া,সুকণ্যা ওৰাং,পৰিস্মীতা ঠেঙাল, ডেফদিল ছেত্ৰী ৷ইয়াৰোপৰি দ্বিতীয় বিভাগত ৯ গৰাকী আৰু তৃতীয় বিভাগত ২৬ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈ কাজিৰঙা মহাবিদ্যালয়ৰ লগতে বৃহত্তৰ কাজিৰঙা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ইয়াৰ সমান্তৰালকৈ যিসময়ত অসমীয়া ভাষাৰ বিপত্তি অব্যাহত আছে ঠিক সেই সময়তে মহাবিদ্যালয়খনৰ ছয় গৰাকী শিক্ষাৰ্থীয়ে মাতৃভাষাত লাভ কৰিলে লেটাৰ নম্বৰ ৷উল্লেখ্য যে অতি কম সা-সুবিধা তথা তৰ্জা বেৰৰ কোঠাৰ মাজত শিক্ষাদান কৰা মহাবিদ্যালয় খনে কাজিৰঙা অঞ্চলটোৰ বাবে এক বিশেষ বৰঙণি আগবঢ়াই আহিছে ৷ মহাবিদ্যালয়খনৰ ফলাফলৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থী, শিক্ষক- শিক্ষয়ত্ৰী আৰু অধ্যক্ষ হেমচন্দ্ৰ বৰাক সমুহ কাজিৰঙাবাসীয়ে ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *