পান-তামোলৰ দোকান দি জুলিক মানুহ কৰাৰ সপোন দেখিছিল পিতৃ মাতৃয়ে

কলা শাখাত চতুৰ্থ স্থান দখল কৰি নুমলীগড়লৈ গৌৰৱ কঢ়িয়ালে জুলি বৈশ্যই

কিষণ ছেত্ৰী, কাজিৰঙা লাইভ, ২৫ জুন : নুমলীগড় শোধনাগাৰৰ সমীপৰ তেলগৰম গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰীয়ে গৌৰৱ কঢ়িয়ালে নুমলীগড়লৈ ৷ ৰোগীয়া মাতৃৰ পৰিশ্চৰ্যা তথা তামোল পানৰ দোকান দিও সন্তানক মানুহ কৰাৰ সপোন দেখা পৰিয়ালটোৰ সপোনে বাস্তৱ ৰূপ পালে আজি। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক ৰ কলা শাখাৰ ৰামানুজন কলেজৰ পৰা চতুৰ্থ স্থান লাভ কৰে তৰণি বৈশ্য আৰু মঞ্জু বৈশ্যৰ সন্তান জুলি বৈশ্যই। জুলিৰ সাফল্যত উৎফুল্লিত গাঁওবাসী ৷ জুলিৰ সাফল্যত মৰঙি প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *