কলা শাখাত ষষ্ঠ স্থান অধিকাৰ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰ্গৱ ফুকনে

পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙা লাইভ, ২৫ জুন: বোকাখাতৰ সন্তান ভাৰ্গৱ ফুকনে বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ক্ৰিচেন্ট একাডেমীৰ পৰা কলা শাখাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ কোনো টিউচন নোলোৱাকৈ যেতিয়াই মন যায় অধ্যয়ণ কৰা ভাৰ্গৱ ফুকন প্ৰাক্তন শিক্ষক নিত্যানন্দ ফুকন আৰু মনিমালা গগৈৰ তৃতীয় সন্তান ৷ ৯৪ শতাংশ নম্বৰেৰে ষষ্ঠ স্থান দখল কৰা ভাৰ্গৱে ভবিষ্যতে এজন প্ৰশাসনিক বিষয়া হিচাপে দেশৰ সেৱা কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *