বন্দীত্বৰ জীৱনৰ পৰা মুক্তি পালে বনৰ চৰাইয়ে

গোলাপ শইকীয়া, কাজিৰঙ লাইভ, কলিয়াবৰ ,২৩ জুন : আপুনি বাৰু বনৰ ধুনীয়া পক্ষী ভাটৌ চৰাই ঘৰত পুহিছে নেকি ? সঁজাত বন্দী কৰি ৰাখিছে নেকি বনৰ ভাটৌ চৰাই । যদি ৰাখিছে আপুনি সাৱধান হওক। যি কোনো সময়তে বনবিভাগৰ লোক উপস্থিত হৈ লৈ যাবহি পাৰে আপোনাৰ মৰমৰ পোহনীয়া ভাটৌ চৰাইটো । নগাওঁ বন্যপ্ৰাণী বিভাগে চলাইছে এক বিশেষ অভিযান। বন্যপ্ৰাণী সংৰক্ষণ আইন উলংঘা কৰি সঁজাত বন্দী কৰি ৰখা ভাটৌ চৰাই জব্দ কৰাৰ এক অভিযান চলাইছে নগাওঁ বন্যপ্ৰাণী বিভাগে । ৰাবাৰবাৰী- শিলঘাট ইক’ ডেভেলপমেণ্ট কমিটিৰ সহযোগত বিভাগটোৱে কলিয়াবৰত অভিযান চলাই জব্দ কৰিছে আঠোটাকৈ ভাটৌ চৰাই ।ইয়াৰে এটা ভাটৌ চৰাই মুকলি আকাশৰ তললৈ মোকলাই দিয়াৰ বিপৰীতে দুটা অসুস্থ ভাটৌ চিকিৎসাৰ বাবে চমজাই দিয়া হয় বনবিভাগক । আনহাতে পাখি কটা পাঁচটা চৰাই ই ডি চি খনৰ জিম্মাত ৰখা হৈছে।পাখি গজি সম্পূৰ্ণ হলে বনবিভাগে মুকলি কৰি দিব চৰাই কেইটাক । শিকালে মানুহৰ দৰে কথা কব পৰা দেখাত সুন্দৰ মৰমলগা ৰঙীন পক্ষী ভাটৌ । বনৰ পক্ষী ভাটৌ চৰাইটোক সেয়ে মানুহে পোহনীয়া কৰিব বিচাৰে। বন্দী কৰি ৰাখে সঁজাত । বহুতে নিজৰ সন্তানৰ দৰে লালন পালন কৰে চৰাইটোক । চাওক বন বিভাগক ভাটৌ টোক চমজাই দিয়া সময়ত কি দৰে হুৰাও ৰাওকৈ কান্দিছে এগৰাকী মহিলাই । যেন নিজ সন্তানক হেৰুৱাৰ বেদনাত হে ম্ৰিয়মান। তথাপি ও বন আইনক সন্মান জনাই সন্তানৰ দৰে মৰমৰে তুলি তালি ডাঙৰ দীঘল কৰা ভাটৌ টোক তুলি দিছে অভিযানকাৰী দলৰ হাতত।

Leave a Reply

Your email address will not be published. Required fields are marked *