মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত নাই সামাজিক দূৰত্ব নীতি।

কাজিৰঙা লাইভ, কলিয়াবৰ,২২ জুন : সমগ্ৰ ৰাজ্যত কভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যাই ৫ হাজাৰৰ সীমা অতিক্ৰম কৰাৰ সময়তো ৰাজ্য চৰকাৰৰ কেতবোৰ নীতি – নিৰ্দেশনা ভঙ্গ হোৱা পৰিলক্ষিত হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ একাংশ অনুষ্ঠানত। কভিড ১৯ ৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে সামাজিক দূৰত্ব মানি চলাটো নিতান্তই প্ৰয়োজনীয় যদিও এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সভা সমূহত দেখা গ’ল এক বিপৰীত প্ৰতিচ্ছবি। যোৱা ১০ জুন তাৰিখে কলিয়াবৰৰ উলুৱনিত মাছৰ পোনা এৰিবলৈ মুখ্যমন্ত্ৰী গৰাকী আহি উপস্থিত হোৱাৰ সময়তো দেখা গৈছিল সামাজিক দূৰত্ব মানি নচলাৰ যেন এক প্ৰতিযোগিতা । আজি পুনৰ সেই প্ৰতিযোগিতা দেখা পোৱা গ’ল কাজিৰঙাতো ৷ একেই দৃশ্যৰ অৱতাৰণা হ’ল স্বয়ং মুখ্যমন্ত্ৰীৰ উপস্থিতিতে ৷ অভিযোগ মতে, আজি মুখ্যমন্ত্ৰী গৰাকীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অনুষ্ঠিত হোৱা কাৰ্যসূচীত নাছিল কোনো সামাজিক দূৰত্ব। যদি মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী সমূহত এনে চৰকাৰী নীতি- নিৰ্দেশনা সমূহ ভংগ কৰা হয় তেন্তে সৰ্বসাধাৰণ ৰাইজৰ বাবে আদৰ্শগত বুলি বাকী থাকিল কি বুলিও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ৷ সততে স্বচ্ছতা আৰু সচেতনতাৰ প্ৰতি গুৰুত্ব দি অহা মুখ্যমন্ত্ৰীজনৰ আজিৰ সভাত দৃষ্টিকটূ ভাৱে প্ৰকাশ পোৱা সচেতনতাৰ অভাৱৰ বাবে প্ৰশ্ন উত্থাপন হৈছে স্থানীয় ৰাইজৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *