কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল: শুভাৰম্ভ কৰিলে ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশতন্ত্ৰ ব্যৱস্থাপনা প্ৰকল্পৰ পুঁজি বিতৰণ কাৰ্যসূচী

নিউজ ডেস্ক, কাজিৰঙা লাইভ,২২ জুন : আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বন্যপ্ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ চৌহদত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ এই কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোনোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ জলবায়ু পৰিবৰ্তন আৰু ইয়াৰ পাৰিপাৰ্শ্বিকতা শক্তিশালী ৰপত গঢ়ি তুলিবৰ বাবে ভাৰত চৰকাৰে পৰিৱেশতন্ত্ৰ ব্যৱস্থাপনা প্ৰকল্পৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা ২৪ কোটি ৫৬ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশতন্ত্ৰ ব্যৱস্থাপনা প্ৰকল্পৰ পুঁজি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৭খন পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিলৈ সৰ্বমুঠ ৭০ লাখ টকাৰ চেক আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ভাৰত চৰকাৰে আগবঢ়োৱা এই পুঁজিৰে জলচ্ছেদ ব্যৱস্থাপনা,মীন পালন, জৈৱ বৈচিত্ৰ উন্নয়ন আৰু দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে নগাঁও, গোলাঘাট আৰু বিশ্বনাথ চাৰিআলি জিলাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি সমূহক উপকৃত কৰাৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষিত কৰি ৰখাত সহায়ক হ’ব বুলি মুখ্যমন্ত্ৰী সোনোৱালে আশা প্ৰকাশ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুঁজি বিতৰণ অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ, ডি. এফ.অ ৰমেশ কুমাৰ গগৈ, নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ কে ধৰি বন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *