কাৰ্বি আংলং আৰক্ষীৰ অভিযানত কাজিৰঙাৰ অগৰাতলিৰ গঁড় হত্যাত জড়িত পলাতক বাকী তিনি চোৰাংচিকাৰীক কৰায়ত্ব :

এ কে ছিৰিজৰ ৰাইফল উদ্ধাৰ

কাজিৰঙা লাইভ, বোকাখাত , ২১ জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ ডোৰামাৰী বিলৰ পাৰত যোৱা ৯ মে’ ত সংঘৰ্টিত হোৱা গঁড় হত্যাত জড়িত সাত চোৰাংচিকাৰীৰ পলাতক তিনি চোৰাংচিকাৰীক যোৱা নিশা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে ৷ ৯ মে’ ৰ ঘটনাৰ পাচত যোৱা ১ জুন তাৰিখে কাৰ্বি আংলং আৰক্ষীৰ অভিযানকাৰী দলে চোৰাংচিকাৰীৰ দলৰ তিনিজনক আটক কৰাৰ পাচত যোৱা নিশা দলৰ বাকী তিনি সদস্যক কাৰ্বি আংলং জিলাৰ সিংহাসন পাহাৰৰ গভীৰ অৰণ্যৰ পৰা আটক কৰিছে ৷ আটক কৰা চোৰাংচিকাৰী কেইটা হল জনথাং থাবগ’ই, মোৱামোৱান আৰু নিংমিয়ালুন লুলুন ৷ চিকাৰী কেইটাৰ মনিপুৰৰ চূড়াচান্দপুৰৰ বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ শেষতীয়া গঁড় হত্যাত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ধৃত চোৰাংচিকাৰী কেইটাই ৷ আৰক্ষীৰ তদন্তত চোৰাংচিকাৰী কেইটাই কাজিৰঙাৰ সীমাতে থকা কাৰ্বি পাহাৰত লুকুৱাই থোৱা এটা একে চিৰিজৰ ৰাইফল উলিয়াই দিয়ে ৷ উল্লেখ্য যে অগৰাতলিৰ গঁড় হত্যাৰ ঘটনাৰ পাচত কাৰ্বি আংলং জিলাৰ ডলামৰা আৰক্ষী থানাত ৪/ ২০২০, ডিফু থানাত ১১০/ 2020 আৰু বোকাখাত থানাত ১৩১/ ২০২০ নম্বৰৰ একোটাকৈ গোচৰ পঞ্জীয়ন হৈছিল ৷ এই সমুহ গোচৰৰ আধাৰতে আৰক্ষীয়ে যোৱা ১ জুনত মনিপুৰৰ চুড়াচান্দ পুৰৰ ডেভিড চিয়ামা , জখলাবন্ধাৰ শাকমুঠি চাহ বাগিছাৰ বিকি থাপা, নগাঁও চালনাৰ চাইমন লাৰকা নামৰ তিনিটা চিকাৰীক কৰায়ত্ব কৰিছিল ৷ ঘটনাৰ সময়ত এই দলৰে মাংবই পাইটে নামৰ চিকাৰীটো নাগালেণ্ড অসম সীমান্তত আৰক্ষীৰে হোৱা গুলীয়া গুলীত ঘটনাস্থলীতে নিহত হৈছিল যদিও দলৰ বাকী তিনিজন সদস্য পলাই যাবলৈ সক্ষম হৈছিল ৷ দএই ঘটনাত কৰায়ত্ব কৰা চোৰাংচিকাৰীৰ পৰা আৰক্ষীৰ দলে ১ টা এ কে ৪৭ , ২ টা এ কে ৫৬ ৰাইফল , ১ টা ডাবল বেৰেল ৰাইফল , ৪ শ সজীৱ গুলী , ১ টা গেনেড আৰু কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰিছিল ৷ যোৱা নিশাৰ অভিযানৰ সফলতাৰ পাচত কাৰ্বি অংলং জিলা আৰক্ষীয়ে বন বিভাগৰ সহযোগত অগৰাতলিৰ গঁড় হত্যাত জড়িত চোৰাংচিকাৰীৰ দলটোৰ সকলো সদস্যকে অস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় ৷ দলটোৰ এজন সদস্য আৰক্ষীৰ গুলীত নিহত হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *