কাজিৰঙাৰ ৰাজপথত অসুৰক্ষিত বন্যপ্ৰাণী

নিউজ ডেস্ক,কাজিৰঙা লাইভ,২৬ জুন:
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত কৰাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীয়ে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে । কিন্তু এনে সময়ত ৰাষ্ট্ৰীয় পথত প্ৰশাসনৰ নাই কোনো নিৰাপত্তা ব্যৱস্থা ৷ পথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ নামত ১৪৪ ধাৰা জাৰি কৰিয়েই দায়িত্ব সামৰিলে প্ৰশাসনে ৷ যাৰবাবে বৃহস্পতিবাৰৰ দিনটোত অনিয়ন্ত্ৰিতভাবে চলাচল কৰা তীব্ৰ বেগী যানবাহনৰ আগেদি অতি বিপদ সংকুল ভাৱে বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাৰ দৃশ্য বন্দী হ’ল কেমেৰাত ৷ উল্লেখ্য যে বানৰ সময়ত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰা বন্যপ্ৰাণী নিৰাপদে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাৰ বাবে কলিয়াবৰ আৰু বোকাখাত মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি ঘন্টাত ৪০ কিলোমিটাৰৰ অধিক বেগত যানবাহন চলোৱাটো নিষিদ্ধ কৰিছে ৷ কিন্তু আইন অমান্য কৰি তীব্ৰ বেগত চলোৱা যানবাহনক নিয়ন্ত্ৰণ কৰা বা চালকক নাকি লগাবলৈ ৰাষ্ট্ৰীয় পথত নাই আৰক্ষী তথা এনফৰ্চমেন্টৰ লোক ৷ কেৱল বনবিভাগে বহুৱা বেৰিকেড সমূহকে সাক্ষী কৰি প্ৰশাসনে বন্যপ্ৰাণীৰ সুৰক্ষা দিশটো অৱজ্ঞা কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমীয়ে ৷ প্ৰকৃতি প্ৰেমীৰ আহ্বান যে এনে জটিল পৰিস্থিতিত প্ৰশাসনে বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *